নেশ্যনেল ডেস্ক, ২১ এপ্ৰিল: এতিয়াও দিল্লীৰ চিকিৎসালয়সমূহত অক্সিজেনৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে ক'ভিড ৰোগীয়ে । অৱশ্যে, মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীয়ে কৰা টুইটৰ পাছতে দিল্লীৰ বিভিন্ন চিকিৎসালয়লৈ চিকিৎসা অক্সিজেন যোগান ধৰা হয় ।
দিল্লী চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বুধবাৰে দিল্লীৰ বিভিন্ন চিকিৎসালয়ত মঙলবাৰে নিশাৰ পৰা বুধবাৰে পুৱালৈকে অক্সিজেনৰ যোগান ধৰা হয় । তথাপিও দিল্লী চৰকাৰে প্ৰকাশ কৰিছে যে, ৰাষ্ট্ৰীয় ৰাজধানীত অক্সিজেনৰ এতিয়াও অভাৱ আছে আৰু বহুতো চিকিৎসালয়ত বৰ্তমান অক্সিজেন চিলিণ্ডাৰ মাত্ৰ কেইঘণ্টামানৰ বাবেহে উপলব্ধ হ'ব ।