নিউজ ডেস্ক, ১৬ এপ্ৰিল :শনিবাৰে নিশা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত গেংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক আততায়ীয়ে গুলীয়াই হত্যা কৰে (Atiq Ahmed murder case) । সংবাদ মাধ্যমৰ উপস্থিতিত কেমেৰাৰ সন্মুখতে গুলীয়াই হত্যা কৰা হয় আতিক আৰু আশ্ৰফক । ইতিমধ্যে এই হত্যাৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে (Atiq Ahmed killer arrested) । অভিযুক্তকেইজনক গ্ৰেপ্তাৰৰ পিচত দেওবাৰে এজন আক্ৰমণকাৰীৰ পিতৃয়ে কয় যে তেওঁৰ পুত্ৰ নিবনুৱা আৰু ড্ৰাগৰ আসক্ত আছিল ।
দেওবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত গ্ৰেপ্তাৰ কৰা আক্ৰমণকাৰীকেইজনৰ ভিতৰৰ এজন লাভলেশৰ পিতৃ যজ্ঞ তিৱাৰীয়ে কয় (Atiq Ahmed killer Lovlesh), "তেওঁ মোৰ পুত্ৰ । আমি ঘটনাটো টিভিত দেখিছিলোঁ । আমি লাভলেশৰ কাৰ্যকলাপৰ বিষয়ে অৱগত নহয় বা ইয়াৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই । তেওঁ ইয়াত কেতিয়াও বাস কৰা নাছিল আৰু তেওঁ আমাৰ পাৰিবাৰিক বিষয়তো জড়িত নাছিল । তেওঁ আমাক একো কোৱা নাছিল । তেওঁ পাঁচ-ছয় দিনমান আগতে ইয়ালৈ আহিছিল । বহু বছৰ ধৰি আমাৰ তেওঁৰ সৈতে কোনো সম্পৰ্ক নাই । ইতিমধ্যেই লাভলেশৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈ আছে । উক্ত গোচৰত তেওঁ কাৰাগাৰলৈও গৈছে ।"
"তেওঁ কোনো কাম নকৰে । তেওঁ এজন ড্ৰাগ আসক্ত আছিল । আমাৰ চাৰিটা সন্তান আছে । এই সন্দৰ্ভত আমাৰ ক'বলৈ একো নাই ।" যজ্ঞ তিৱাৰীয়ে লগতে কয়। ইফালে এএনআইক দিয়া সাক্ষাৎকাৰত আন এজন আক্ৰমণকাৰী ছানী সিঙৰ ভাতৃ পিণ্টু সিঙে কয় (Atiq Ahmed killer Sunny Singh) "তেওঁ কাম-বন নকৰি ইফালে-সিফালে ঘূৰি ফুৰিছিল । আমি পৃথকে বাস কৰোঁ আৰু নাজানো যে তেওঁ কেনেকৈ অপৰাধী হৈ পৰিল । ঘটনাটোৰ বিষয়ে আমাৰ কোনো ধাৰণা নাই ।"
উল্লেখ্য, উত্তৰ প্ৰদেশৰ ঝান্সীত আৰক্ষীৰে সংঘৰ্ষত আতিক আহমেদৰ পুত্ৰ আছাদ নিহত (Atiq Ahmeds son Asad encounter case) হোৱাৰ কেইদিনমান পিচতে শনিবাৰে প্ৰয়াগৰাজত শাৰীৰিক পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়তে মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদ নিহত হয় । আতিকক ২০০৫ চনত বিএছপি বিধায়ক ৰাজু পালৰ হত্যাত অভিযুক্ত কৰা হৈছিল (BSP MLA Raju Pal murder case) আৰু তাৰ পিচত এই বছৰৰ ফেব্ৰুৱাৰীত বিএছপিৰ নেতাগৰাকীৰ হত্যাৰ মুখ্য সাক্ষী উমেশ পালক হত্যা কৰা হয় । উমেশ পালৰ হত্যাতো সাঙোৰ খাই পৰিছিল আতিক আহমেদ (Umesh Pal murder case UP) ।
ইতিমধ্যে তিনিওজন আক্ৰমণকাৰীকে গ্ৰেপ্তাৰ কৰা হৈছে । আতিক আৰু তেওঁৰ ভাতৃক গুলীয়াই হত্যা কৰাৰ পিচত আৰক্ষীয়ে এই কথা জনাইছিল । "তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকক সোধা-পোছা কৰা হৈছে । এই ঘটনাত এজন সাংবাদিকো আঘাতপ্ৰাপ্ত হয় । এজন কনিষ্টবল গুলীত আঘাতপ্ৰাপ্ত হয় ।" প্ৰয়াগৰাজ আৰক্ষী আয়ুক্ত ৰমিত শৰ্মাই পূৰ্বতেই এই কথা উল্লেখ কৰে । আনহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ঘটনাটোৰ তদন্তৰ বাবে তিনিজনীয়া ন্যায়িক আয়োগ গঠনৰ নিৰ্দেশ দিয়ে ।