অসম

assam

ETV Bharat / bharat

Atiq Ashraf Murder Case: লক্ষ্ণৌত মন্ত্ৰীৰ আৱাসিক এলেকাত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা

প্ৰয়াগৰাজত গেংষ্টাৰ আতিক আৰু আশ্ৰাফক হত্যা কৰা তিনি দুৰ্বৃত্ত সংবাদকৰ্মীৰ বেশত আহিছিল (Atiq Ahmed killed)। এনে পৰিস্থিতিত লক্ষ্ণৌৰ কালিদাস মাৰ্গত যিকোনো সংবাদ মাধ্যমৰ কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । কালিদাস মাৰ্গত মুখ্যমন্ত্ৰীকে ধৰি আন আন মন্ত্ৰীসকলৰ বাসগৃহ আছে ।

Atiq Ashraf Murder Case
লক্ষ্ণৌত মন্ত্ৰীৰ আৱাসিক এলেকাত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ

By

Published : Apr 16, 2023, 8:03 PM IST

নিউজ ডেস্ক, ১৬ এপ্ৰিল :সাংবাদিকৰ সন্মুখতে গেংষ্টাৰ আতিক আহমেদ আৰু আশ্ৰফক গুলীয়াই হত্যা কৰাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Atiq Ahmed murder case)। সাংবাদিকৰ বেশত আহিছিল দুৰ্বৃত্ত কেইজন । যাৰ বাবে সংবাদ জগততো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ঘটনাৰ পাচতে বিভিন্ন স্থানত সাংবাদিকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে (Media Entry Banned at Ministers Residence)।

এনে পৰিস্থিতিত, সতৰ্কতা হিচাপে ৰাজধানী লক্ষ্ণৌৰ কালিদাস মাৰ্গত যিকোনো সংবাদ মাধ্যমৰ কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । কালিদাস মাৰ্গত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যকে ধৰি কেইবাজনো মন্ত্ৰীৰ বাসগৃহ আছে । ইয়াৰ উপৰিও, কালিদাস মাৰ্গৰ নিৰাপত্তা বেষ্টনীও অধিক কটকটীয়া কৰা হৈছে (Media Entry Banned at Kalidas Marg)।

উল্লেখ্য যে, আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক তিনিজন লোকে গুলীয়াই হত্যা কৰিছিল (Atiq Ahmed and his brother death)। তেওঁলোকক শনিবাৰে নিশা প্ৰয়াগৰাজৰ কলভিন চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল । সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে ঘটনাস্থলীত উপস্থিত হৈছিল হত্যাকাৰী । এই ঘটনাৰ পাচতে, ৰাজ্যজুৰি অত্যাধিক সতৰ্কতা ঘোষণা কৰি মুখ্য স্থানবোৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । তাৰ অংশ স্বৰূপে লক্ষ্ণৌৰ হজৰতগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত কালিদাস মাৰ্গৰ নিৰাপত্তাও বৃদ্ধি কৰা হৈছে ।

উল্লেখ্য যে, কালিদাস মাৰ্গত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাসগৃহৰ উপৰিও উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, কেবিনেট মন্ত্ৰী সুৰেশ খান্না, দয়াশংকৰ সিং, সূৰ্য প্ৰতাপ শ্বাহী, ধৰমবীৰ প্ৰজাপতিকে ধৰি বহু মন্ত্ৰীৰ বাসগৃহ আছে ।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰয়াগৰাজৰ ঘটনা সন্দৰ্ভত নিশা তিনিজনীয়া ন্যায়িক সমিতি গঠন কৰিছে । প্ৰতি দুই ঘণ্টাত, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ডিজিপি আৰু গৃহ বিভাগৰ প্ৰধান সচিবৰ পৰা উন্নয়নৰ প্ৰতিবেদন বিচাৰিছে (CM Yogi Aditya Nath on Atiq Ahmed murder case)। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰয়াগৰাজ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে । ইতিমধ্যে গৃহ বিভাগে প্ৰতিবেদন দাখিল কৰিছে । ইফালে এই প্ৰতিবেদনৰ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংবাদ মাধ্যম সম্পৰ্কে এছ.ও.পি. জাৰী কৰিব পাৰে ।

লগতে পঢ়ক :Atiq Ahmed Murder Case: জনপ্ৰিয়তা আৰ্জিবলৈ আতিক-আশ্ৰফক হত্যা কৰিব বিচাৰিছিলোঁ; হত্যাকাৰী

ABOUT THE AUTHOR

...view details