নিউজ ডেস্ক, ১৬ এপ্ৰিল : আতিক আহমেদৰ হত্যাকাণ্ড সন্দৰ্ভত উত্তৰ প্ৰদেশৰ আইন-শৃংখলা পৰিস্থিতিক সমালোচনা কৰিছে কংগ্ৰেছে (congress slams UP govt on law and order) । শনিবাৰে দিল্লীত কংগ্ৰেছ নেতা ৰছিদ আলভিয়ে সমগ্ৰ ঘটনাটোক এক 'ষড়যন্ত্ৰ' বুলি অভিহিত কৰি ইয়াৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পদত্যাগ কৰা উচিত বুলি তেওঁ কয় (Rashid Alvi labels Atiqs shootout as conspiracy) ।
তেওঁ লগতে বিষয়টোৰ পুংখানুপুংখ আৰু ন্যায়িক তদন্তৰ দাবী জনায় । কিয়নো তেওঁ সোঁৱৰাই দিয়ে উক্ত ঘটনাটো সংঘটিত হৈছে আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত । সেয়ে ঘটনাটোৰ প্ৰকৃতিৰ কথা মনত পেলাই দি তেওঁ যোগীৰ পদত্যাগ দাবী কৰে (Rashid Alvi demands Jogis resignation) । "এই ঘটনাই উত্তৰ প্ৰদেশৰ সাম্প্ৰতিক আইন-শৃংখলা পৰিস্থিতি প্ৰদৰ্শন কৰে । এইটো এটা ডাঙৰ ষড়যন্ত্ৰ যেনো লাগিছে । ইয়াৰ পুংখানুপুংখ আৰু ন্যায়িক তদন্ত হ'ব লাগে আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে (congress demands judicial inquiry of Atiq murder) ।" আলভিয়ে কয় ।
আনহাতে, ঘটনাটো সংঘটিত হোৱাৰ পিচত এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইচিয়েও যোগী চৰকাৰক সমালোচনা কৰা দেখা গৈছে । তেওঁ কয় যে এই ঘটনাটো ৰাজ্যখনত আইন-শৃংখলা ব্যৱস্থাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীৰ বিফলতাৰ এক সঠিক উদাহৰণ । আছাদুদ্দিন ওৱেইচিয়ে টুইটাৰযোগে কয়, "আতিক আৰু তেওঁৰ ভাতৃ আৰক্ষীৰ জিম্মাত আছিল । তেওঁলোকক হাতকেৰেয়া পিন্ধোৱা হৈছিল । জয় শ্ৰীৰাম শ্লোগানো দিয়া হৈছিল। দুয়োজনৰ হত্যা যোগীৰ আইন-শৃংখলা ব্যৱস্থাৰ বিফলতা । যিসকলে এনকাউণ্টাৰৰাজ উদযাপন কৰে তেওঁলোকেই এই হত্যাকাণ্ডৰ বাবে দায়ী ।"