নেশ্যনেল ডেস্ক, 16 এপ্ৰিল : এইবাৰ চিনেমাত নহয়, বাস্তৱ জীৱনত দেখা গ’ল অন কেমেৰা গুলীয়াই হত্যা কৰাৰ শিহৰণকাৰী ঘটনা (Atiq Ahmed shot dead ) ৷ শনিবাৰে নিশা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত গেংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু ভাতৃ আশ্ৰফক আততায়ীয়ে অন কেমেৰা শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে (Atiq Ahmed murder case) ।
উমেশ পাল হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত নিহত গেংষ্টাৰ ভাতৃদ্বয়ক চিকিৎসাৰ বাবে লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ উপস্থিতিত সাংবাদিকৰ ভেশ ধৰি এজন লোকে চকুৰ পচাৰতে আতিকৰ মূৰত গুলীয়াই লগাৰ লগতে আশ্ৰফকো গুলীয়াই হত্যা কৰে । হত্যাৰ কিছু মুহূৰ্তৰ পূৰ্বে উমেশ পাল হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত নিহত গেংষ্টাৰ ভাতৃদ্বয়ে চিকিৎসাৰ বাবে লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে কথা পাতি আছিল । তেওঁলোকৰ হত্যাৰ দৃশ্য স্পষ্টভাৱে কেমেৰাত বন্দী হয় (Atiq Ahmed murder captured ) ।
শনিবাৰে পুত্ৰ আছাদৰ শেষকৃত্যলৈ কিয় লৈ নগ'ল বুলি সোধা প্ৰশ্নৰ উত্তৰত আতিকে কৈছিল যে, "তেওঁলোকে আমাক লৈ যোৱা নাছিল, সেয়েহে আমি যোৱা নাছিলোঁ ।" আতিক আহমেদে আন এটা বাক্যৰে আৰম্ভ কৰিছিল, ‘‘কথাটো হ'ল যে গুড্ডু মুছলীম...’’ বাক্যটো শেষ নহওঁতেই এজন ব্যক্তিয়ে সাংবাদিক ভংগীমা দি থকা এজনে আহি অতৰ্কিতে মূৰত গুলীচালানা কৰেহি (Atiq Ahmed death news) ৷
লগে লগে আতিক আহমেদ মাটিত ঢলি পৰে ৷ তাৰ পিচতে আতিকৰ ভাতৃ আশ্ৰফক গুলীয়াই হত্যা কৰে ৷ লগে লগে উপস্থিত সাংবাদিকসকলে সমগ্ৰ দৃশ্য নিজ কেমেৰাত বন্দী কৰিছিল (Atiq Ahmed murder on national television) ৷