নেশ্যনেল ডেস্ক, 28 মাৰ্চ: গেংষ্টাৰ আতিক আহমেদক যাৱজ্জীৱন কাৰাদণ্ড (Atiq Ahmed) ৷ 2023 চনৰ অধিবক্তা উমেশ পাল হত্যাকাণ্ডৰ (Umesh Pal murder case) মূল অভিযুক্ত আৰু 2006 চনত উমেশ পালক অপহৰণ কৰা গোচৰৰ মূল অভিযুক্ত আছিল আতিক আহমেদ ৷ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ এখন আদালতে মঙলবাৰে প্ৰদান কৰিলে এই ৰায়দান ৷ আতিক আহমেদসহ আন দুই অভিযুক্ত দীনেশ পাশি আৰু ছাউলাত হানিফক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ ৷ আনহাতে, আতিক আহমেদৰ পৰিয়ালে দিব লাগিব 1 লাখ টকাৰ ক্ষতিপূৰণ (Umesh pal kidnapping case hearing) ৷
উল্লেখ্য যে, হত্যাৰ বলি হোৱা উমেশ পাল আছিল 2005 চনৰ বহুজন সমাজবাদী দলৰ মুৰব্বী ৰাজু পালৰ হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী ৷ চলিত বৰ্ষৰ 24 ফেব্ৰুৱাৰীত প্ৰয়াগৰাজত গুলীয়াই হত্যা কৰিছিল উমেশ পালক (Gangster Atiq Ahmed) ৷ আতিক আহমেদ আৰু সহযোগী দীনেশ পাশিক ভাৰতীয় দণ্ড বিধিৰ 364 ধাৰৰ অধীনত এজন ব্যক্তিক অপহৰণ কৰা হত্যাকৰাৰ অভিযোগত দোষী সাব্যস্ত কৰে আদালতে ৷
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মঙলবাৰে আতিক আহমেদ আৰু এই গোচৰৰ অভিযুক্তসকলক হাজিৰ কৰোৱা হয় আদালতত ৷ উমেশ পালৰ অপহৰণকাণ্ডৰ সৈতে মুঠ 11 জন লোকক অভিযুক্ত কৰা হৈছিল ৷ এই 11 অভিযুক্তৰ ভিতৰত ইতিমধ্যেই আনচাৰ নামৰ অভিযুক্তজনৰ মৃত্যু হৈছে ৷