নেশ্যনেল ডেস্ক,১ অক্টোবৰ :দেশৰ জনসাধাৰণৰ ওপৰত পুনৰ মাধমাৰ । ১ অক্টোবৰৰ পৰা বৃদ্ধি হ'ল ইন্ধনৰ মূল্য । জেট ইন্ধন বা এটিএফৰ মূল্য ৫ শতাংশ বৃদ্ধি কৰা হৈছে । জুলাই মাহৰ পৰা চতুৰ্থবাৰৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি হৈছে । ইফালে বাণিজ্যিক ৰন্ধন গেছৰ মূল্যও প্ৰতি ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰত ২০৯ টকা বৃদ্ধি হৈছে । অৱশ্যে ঘৰুৱা এলপিজিৰ মূল্য একেই আছে । বৰ্তমান ঘৰুৱা চিলিণ্ডাৰৰ প্ৰতি ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰত মূল্য এতিয়া ৯০৩ টকা ।
দিল্লীত বিমান টাৰ্বাইন ইন্ধনৰ মূল্য প্ৰতি কিলোলিটাৰত ৫,৭৭৯.৮৪ টকা বৃদ্ধি হৈছে । প্ৰতি কিলোলিটাৰত ১,১২,৪১৯.৩৩ টকাৰ পৰা বৃদ্ধি হৈ বৰ্তমান ১,১৮,১৯৯.১৭ টকা হৈছে । ১ ছেপ্টেম্বৰত বিমান ইন্ধনৰ মূল্য ১৪.১ শতাংশ বৃদ্ধি হৈছিল আৰু ১ আগষ্টত প্ৰতি কেএলত ৮.৫ শতাংশ অৰ্থাৎ ৭,৭২৮.৩৮ টকা বৃদ্ধি হৈছিল ।
জুলাইৰ পৰা জেট ইন্ধনৰ মূল্য চতুৰ্থবাৰৰ বাবে পোনপটীয়া বৃদ্ধি হৈছে, যি এয়াৰলাইনৰ পৰিচালনা ব্যয়ৰ ৪০ শতাংশ বুলি কোৱা হৈছে । যাৰ ফলত এয়াৰলাইনবোৰৰ ওপৰত বোজা বৃদ্ধি কৰিব বুলি আশংকা কৰা হৈছে । বিগত চাৰিবাৰৰ বৃদ্ধিত এটিএফৰ মূল্য প্ৰতি কেএলত অভিলেখ ২৯,৩৯১.০৮ টকা বৃদ্ধি হৈছে ।