নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী :ইউক্ৰেইনত ব্যাপক, ন্যায়সংগত আৰু স্থায়ী শান্তি স্থাপনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত (United Nations General Assembly, UNGA) প্ৰস্তাৱৰ ওপৰত ভোটদানৰ পৰা বিৰত আছে (India abstained from voting on resolution in UNGA) । বৃহস্পতিবাৰে UNGA-ত এক 'ঐতিহাসিক ভোটদান'ত দেশবোৰে ইউক্ৰেইন আক্ৰমণৰ বাবে ৰাছিয়াক গৰিহণা দিয়ে । আনহাতে, সাধাৰণ সভাই মস্কোক ইউক্ৰেইনত ব্যাপক, ন্যায়সংগত আৰু স্থায়ী শান্তি ৰক্ষাৰ প্ৰয়োজনীয়তাৰ বাবে 'তৎক্ষণাৎ' কিয়েভৰ পৰা সেনা প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় (UNGA peace resolution voting in Ukrain) ।
উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত উত্থাপিত এই প্ৰস্তাৱত 141 খন দেশে প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে । আনহাতে, চীন আৰু ভাৰতকে ধৰি ৩২ খন দেশে ভোটদানৰ পৰা বিৰত থাকে (India abstain in UNGA voting) । তাৰ উপৰি সাতখন দেশে এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে । অৱশ্যে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজে (permanent representative to UN of India) ৰাছিয়া-ইউক্ৰেইন যুদ্ধত (Ukraine Russia war) ভাৰতৰ স্থিতি পুনৰ দোহাৰে আৰু কয় যে, আলোচনা আৰু কূটনীতি হৈছে ইয়াৰ বাবে একমাত্ৰ কাৰ্যকৰী উপায় । তেওঁ কয়, ভাৰত বহুপাক্ষিকতাৰ প্ৰতি দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ আৰু ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰৰ (UN Charter) নীতিসমূহ বজাই ৰাখিছে । আমি সদায় আলোচনা আৰু কূটনীতিক একমাত্ৰ কাৰ্যকৰী উপায় হিচাপে আহ্বান জনাম বুলিও তেওঁ মত ব্যক্ত কৰে । অৱশ্যে আমি আজিৰ প্ৰস্তাৱৰ উল্লিখিত উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখিছোঁ, এক স্থায়ী শান্তি সুৰক্ষিত কৰাৰ আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাৰ অন্তৰ্নিহিত সীমাবদ্ধতাৰ বাবে আমি তাৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈছোঁ বুলিও তেওঁ কয় (Ukraine Russia clash) ।
আনহাতে, ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ উদ্ধৃতি দি কয়, "আমি ধাৰাবাহিকভাৱে ওকালতি কৰি আহিছোঁ যে, মানৱ জীৱনৰ মূল্যৰ বিনিময়ত কেতিয়াও কোনো সমাধান আহিব নোৱাৰে । এই সন্দৰ্ভত আমাৰ প্ৰধানমন্ত্ৰীৰ এই মন্তব্য যে, এইটো কেতিয়াও যুদ্ধৰ যুগ হ'ব নোৱাৰে । শত্ৰুতা আৰু হিংসা বৃদ্ধি কাৰো স্বাৰ্থত নহয় । ইয়াৰ পৰিৱৰ্তে আলোচনা আৰু কূটনীতিৰ পথলৈ জৰুৰীভাৱে ঘূৰি অহাটো হৈছে ভৱিষ্যতে আগবাঢ়ি যোৱাৰ পথ ।"