নেশ্যনেল ডেস্ক, 13 জুন :এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই মণিপুৰৰ পৰিস্থিতি ৷ ৰাজ্যখনত সোমবাৰে পুনৰ হোৱা এক সংঘৰ্ষত আঘাতপ্ৰাপ্ত হয় কমেও 9 জন সাধাৰণ নাগৰিক ৷ পূৱ ইম্ফল জিলাৰ সাগোলমাং থানাৰ অন্তৰ্গত নংছুম গাঁৱত সোমবাৰে সন্দেহযুক্ত কুকি উগ্ৰপন্থী আৰু গাঁৱৰ স্বেচ্ছাসেৱকৰ মাজত গুলীয়াগুলী সংঘটিত হয় বুলি জানিবলৈ পৰা গৈছে ৷ পুৱা প্ৰায় 10 বজাৰ পৰা আৰম্ভ হোৱা এই সংঘৰ্ষ সন্ধিয়া পৰ্যন্ত চলিছিল বুলি স্থানীয় এক সূত্ৰত প্ৰকাশ ।
সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, পুৱা প্ৰায় 10 বজাত নোংছুম গাঁৱৰ দিশত প্ৰথমে গুলীচালনা আৰম্ভ কৰে সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে । ইয়াৰ পিচতে সংশ্লিষ্ট গাঁৱৰ স্বেচ্ছাসেৱকসকলেও গুলী চলাবলৈ আৰম্ভ কৰে । ইম্ফল ফ্ৰী প্ৰেছে খোপিবুং গাঁৱৰ গেটত বাংকাৰ আৰু চেণ্ট্ৰি পোষ্ট স্থাপন কৰা কুকি উগ্ৰপন্থী আৰু নংছুমৰ স্বেচ্ছাসেৱকৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ সৃষ্টি হোৱাৰ লগতে দিনৰ প্ৰায় 12.30 বজাত নংছুম মামাং পাহাৰৰ জি/আৰৰ দিশৰ পৰা হোৱা গুলীচালনাত চাৰিজন গাঁৱৰ স্বেচ্ছাসেৱক আঘাতপ্ৰাপ্ত হয় বুলি বাতৰি প্ৰকাশ কৰিছে ।