নেশ্যনেল ডেস্ক,১ মে':দেশত মহামাৰীয়ে সংহাৰীৰূপ ধাৰণ কৰিছে । লগে লগে প্ৰায়সমূহ হাস্পতাল এতিয়া ক'ভিড আক্ৰান্ত ৰোগীৰে ভৰি পৰিছে । কিন্তু ইয়াৰ মাজতে শনিবাৰে পুৱতি নিশা গুজৰাটত এক শোকাৱহ ঘটনা সংঘটিত হ'ল । ৰাজ্যখনৰ ভাৰুচৰ এখন চিকিৎসালয়ত জুই লগাৰ ফলত প্ৰায় ১৬ গৰাকীকৈ কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ।
জানিব পৰা মতে, ৱেলফেয়াৰ হাস্পতালখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ক'ভিড ৱাৰ্ডত থকা ৫০ গৰাকী ৰোগীক স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে তাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । হাস্পতালখন ৰাজধানী চহৰ আহমেদাবাদৰ পৰা প্ৰায় ১৯০ কিল’মিটাৰ দূৰৈত ভাৰুচ-জাম্বুচাৰ ঘাইপথত অৱস্থিত আৰু ই এক ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত হৈ আছে । এগৰাকী বিষয়াই জনোৱা মতে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।