নেশ্যনেল ডেস্ক, 7 এপ্ৰিল:দেশৰ মুঠ পাঁচ খন ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন পৰ্যন্ত নিৰ্বাচন আয়োগে প্ৰায় 948 কোটি মূল্যৰ মূল্যবান পাথৰৰ লগতে বৃহৎ পৰিমাণৰ নগদ ধন, সুৰা, নিচাযুক্ত দ্ৰৱ্য আদি জব্দ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি 2016 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত জব্দকৃত 226 কোটি মূল্যৰ জব্দকৃত সামগ্ৰীৰ তুলনাত এই পৰিমাণ 4.198 গুণ অধিক ৷ প্ৰলোভনমুক্ত নিৰ্বাচন, ধনবল তথা সুৰা আৰু বিনামূলীয়া সামগ্ৰীৰ প্ৰলোভন আদি বিষয় সমূহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আয়োগে বিশেষভাৱে গুৰুত্ব আৰোপ কৰাৰ পাছতো জব্দকৃত সামগ্ৰীৰ এই পৰিমাণ যথেষ্ট চিন্তনীয় ৷
জানিব পৰা মতে পশ্চিম বংগৰ 2016 ৰ বিধানসভা নিৰ্বাচনৰ সময়ত 44.33 কোটি জব্দ হোৱাৰ বিপৰীতে এইবাৰৰ জব্দকৃত সামগ্ৰীৰ মুঠ পৰিমাণ 263.15 কোটি ৷ এই জব্দকৃত সামগ্ৰীৰ ভিতৰত আছে নগদ 40.27 কোটি হিচাপ বিহীন ধন, 10.28 কোটি মূল্যৰ মূল্যবান ধাতু, গাঞ্জা আৰু হেৰইনকে ধৰি 115.89 কোটি মূল্যৰ নিচাযুক্ত দ্ৰৱ্য আৰু 1935455 লিটাৰ সুৰা ৷
উল্লেখ্য যে, আয়োগে 2016 ৰ বিধানসভা নিৰ্বাচনৰ সময়ত তামিলনাডুৰ পৰা 130.99 কোটি জব্দ কৰাৰ বিপৰীতে এইবাৰ 445.81 কোটি জব্দ কৰিছে ৷ 2021 ত তামিলনাডুৰ পৰা নিৰ্বাচন আয়োগে নগদ 236.51 কোটি হিচাপবিহীন ধন জব্দ কৰাৰ লগতে 176.22 কোটি মূল্যৰ মূল্যবান ধাতু, 25.64 কোটি মূল্যৰ বিনামূলীয়া সামগ্ৰী আৰু 289618 লিটাৰ সুৰা জব্দ কৰিছে ৷