অসম

assam

ETV Bharat / bharat

Congress CEC meeting : নিৰ্বাচনমুখী ৰাজ্যৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত কংগ্ৰেছ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক

কংগ্ৰেছ দলৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে । বৈঠকত ৰাজস্থান, ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ সম্ভাৱনা ।

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 2:29 PM IST

Congress CEC meeting
নিৰ্বাচনমুখী ৰাজ্যৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত কংগ্ৰেছ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক

নেশ্যনেল ডেস্ক,১৮ অক্টোবৰ :নতুন দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছ দলৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক । বৈঠকত ৰাজস্থান, ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বাকী প্ৰাৰ্থীসকলৰ বিষয়ে আলোচনা কৰা হ'ব । এই ৰাজ্যসমূহৰ বাকী আসনসমূহৰ বাবে প্ৰাৰ্থীৰ নামো এই বৈঠকত চূড়ান্ত কৰা সম্ভাৱনা আছে । বৈঠকখন নতুন দিল্লীৰ কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে । বৈঠকখন কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ অধ্যক্ষতাত অনুষ্ঠিত হয় । ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু চিইচিৰ আন সদস্যৰ লগতে সংশ্লিষ্ট ৰাজ্যসমূহৰ স্ক্ৰীণিং কমিটিৰ সদস্যসকলেও বৈঠকত অংশগ্ৰহণ কৰে ।

ইয়াৰ পূৰ্বে ১৩ অক্টোবৰত কংগ্ৰেছ দলে মধ্যপ্ৰদেশ, তেলেংগানা বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ এআইচিচিৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ (চিইচি) বৈঠক অনুষ্ঠিত কৰিছিল ।

ইফালে চিইচি বৈঠকৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী নিশ্চিত আছিল যে কংগ্ৰেছে আগন্তুক বিধানসভা নিৰ্বাচনত জয়ী হ'ব । তেওঁ কৈছিল যে তেলেংগানা, মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু মিজোৰামত কংগ্ৰেছ দল জয়ী হ'বলৈ গৈ আছে । তেওঁ লগতে কৈছিল যে কংগ্ৰেছ দলে সদায় জনসাধাৰণৰ বাবে কাম কৰে ।

ৰাহুল গান্ধীৰ মতে কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য ৰাজস্থানত সৰ্বশ্ৰেষ্ঠ স্বাস্থ্য নীতি আছে । কৰ্ণাটকত এক অতুলনীয় সামাজিক সুৰক্ষা আঁচনি আৰম্ভ হৈছে । আনহাতে ছত্তীশগড়ে শক্তিশালী নীতিৰে উদ্যোগীসকলক আকৰ্ষিত কৰি আছে । সেয়ে মধ্য প্ৰদেশৰ দুৰ্নীতিগ্ৰস্ত বিজেপি চৰকাৰক কংগ্ৰেছে উৎখাত কৰিব বুলিও তেওঁ দৃঢ় বিশ্বাসী । কংগ্ৰেছে ঘোষণা কৰা ৬ টা বৃহৎ গ্যেৰাণ্টিয়ে তেলেংগানাত বিজয় নিশ্চিত কৰিব বুলিও তেওঁ আশাবাদী । তেওঁ কয় যে মিজোৰামৰ বাবে কংগ্ৰেছৰ এক স্পষ্ট পৰিকল্পনা আছে । মিজোৰামক এখন আদৰ্শ ৰাজ্য হিচাপে স্থাপন কৰাৰ বাবে কংগ্ৰেছে কাম কৰিব বুলিও ৰাহুল গান্ধীয়ে আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক :Rahul Gandhi in Aizawl: বিজেপি, আৰ এছ এছৰ আক্ৰমণৰ বলি হৈছে উত্তৰ-পূৱৰ ৰাজ্যসমূহ- ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details