নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ:পৱিত্ৰ ভাদমাহ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা সত্ৰ-নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰাৰ লগতে সুদূৰ মুম্বাইতো অসমীয়া সমাজ গগণা আছামিজ পিপলছ এছোচিয়েচনে ভাদ মাহৰ অন্তিম দিনা দেওবাৰে দ্বিতীয়বাৰৰ বাবে পৱিত্ৰ মাহটিৰ এষাৰি নাম-প্ৰসংগৰ আয়োজন কৰে ।
নামাচাৰ্য অনিল কুমাৰ দাসৰ তত্বাৱধানত আয়োজন কৰা হয় এই নাম-প্ৰসংগ । মুম্বাইৰ লোধা একুৱা ক্লাব হাউছত অনুষ্ঠিত হোৱা ভাদমহীয়া নাম প্ৰসংগত অসমীয়া ৰাইজে ডিঙিত অসমীয়া জাতিৰ স্বাভিমানৰ গামোচা লৈ প্ৰকৃত নামঘৰীয়া সাজেৰে নাম-প্ৰসংগ কৰে ।
এই নাম প্ৰসংগত সকলো অসমীয়া লোক একত্ৰিত হৈ তথা একাংশ ভকতে নিজাববীয়াকৈ শৰাই নৈবেদ্য আগবঢ়াই ভগৱন্তৰ গুণানুকীৰ্তন কৰে । অনুষ্ঠানত কীৰ্তন পাঠ কৰে প্ৰদীপ চন্দ্ৰ গগৈয়ে । ভকতবৃন্দই নাগাৰা নাম তথা দিহানাম সুন্দৰকৈ পৰিৱেশন কৰে । নাম-প্ৰসংগৰ পিচত মাহ-প্ৰসাদ বিতৰণ কৰাৰ লগতে এমুঠি অন্নৰেও ভকতবৃন্দক আপ্যায়ন কৰা হয় ।