নেশ্যনেল ডেস্ক,২৫ মে':অসমবাসীৰ বাবে গৌৰৱৰ খবৰ । পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘাত উৰিল অসমীয়াৰ স্বাভিমান গামোচা (Assam climbers unfurled Gamosa at Mt Kanchenjunga)। অসমৰ দুগৰাকী পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ লগতে গামোচা উৰুৱালে ।
দুয়োগৰাকী পৰ্বতাৰোহীয়ে ২৫ মে'ৰ পুৱা প্ৰায় ৭:১৫ বজাত আৰোহণ কৰি মাউণ্ট কাঞ্চনজংঘাত উপস্থিত হয় (Two Assamese successfully climbs Mt Kanchenjunga)। দুয়োগৰাকী অসমীয়াই একেলগে এনেদৰে পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ সফলতাৰে আৰোহণ কৰি অসমবাসীক গৌৰৱান্বিত কৰে ।
কেৱল অসম নহয় উত্তৰ-পূৱৰ ভিতৰতে উজলিল অসম পৰ্বতাৰোহী সন্থা (Assam Mountaineering Association)। কিয়নো এই কৃতিত্ব অৰ্জন কৰা অসম পৰ্বতাৰোহী সন্থা হ'ল উত্তৰ-পূৱৰ একমাত্ৰ পৰ্বতাৰোহী সন্থা । ইফালে অসম পৰ্বতাৰোহী সন্থাক শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্নজনে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো অসম পৰ্বতাৰোহী সন্থাৰ লগতে দুয়োগৰাকী পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথক অভিনন্দন জ্ঞাপন কৰে (Assam CM congratulates AMA)।