নেশ্যনেল ডেস্ক,২৭ জুলাই :সম্প্ৰতি দেশজুৰি জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কক লৈ বিতৰ্ক অব্যাহত আছে । এই বিধেয়কখনক কোনো যদি যুক্তিৰে সমালোচনা কৰিছে শাসকীয় পক্ষৰ একাংশই আকৌ এই বিধেয়কৰ প্ৰয়োজনীয়তাৰ বিষয়ে ৰাইজক সজাগ কৰিছে । তেনে সময়তে এই বিধেয়কক লৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য ।
এই বিধেয়ক সন্দৰ্ভত ভাৰতৰ বাকী ৰাজ্যসমূহে অসমৰ পৰা শিক্ষা লোৱা প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে (Assam should be an example for Population Control Bill)। তেওঁ উল্লেখ কৰা মতে ইতিমধ্যে চৰকাৰে অসমত ৰাষ্ট্ৰীয় জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক আনিছে আৰু অসমত চৰ্চাত থকা বিধেয়কখনৰ বিষয়ে সকলোৱে অৱগত জানে (Assam CM on Population Control Bill)। দিল্লীলৈ পাঁচ দিনীয়া চৰকাৰী ভ্ৰমণ সম্পূৰ্ণ হোৱাৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকৰ আগত এই কথা কয় ।
আনহাতে চৰ্চাত থকা শিলচৰৰ সেউজ ক্ষেত্ৰ প্ৰকল্প সন্দৰ্ভতো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে (Himanta Biswa Sarma on Silchar Green Field Project)। ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণৰ পিছত তেওঁ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়লৈ চূড়ান্ত প্ৰস্তাৱ প্ৰেৰণ কৰিব । আনহাতে প্ৰকল্পটোৱে অঞ্চলটোত কেনেদৰে অৰ্থনৈতিক বিকাশ আনিব আৰু লোকসকলক লাভান্বিত কৰিব সেয়া বুজাবলৈ তেওঁ ডলু চাহ বাগিচাৰ শ্ৰমিকসহ ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক সাক্ষাৎ কৰিবলৈও শিলচৰ ভ্ৰমণ কৰিব বুলি মন্তব্য কৰে ।