অসম

assam

Act East Policy নীতিৰ সফল ৰূপায়ণৰ বাবে শান্তিপূৰ্ণ উত্তৰ-পূবৰ প্ৰয়োজন: অসম ৰাইফলছৰ সঞ্চালক প্ৰধান

অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পি চি নায়াৰৰ এক্ট ইষ্ট নীতি সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য (DG of Assam rifles on Act east policy)। এই নীতিক সফল ৰূপায়ণৰ বাবে শান্তিপূৰ্ণ উত্তৰ-পূবৰ প্ৰয়োজন বুলি তেওঁ দাবী কৰে । অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ ফলত নিযুক্তিৰ সম্ভাৱনা বৃদ্ধি পাব আৰু যুৱক-যুৱতীসকলে বিদ্ৰোহৰ পৰা আঁতৰি থাকিব ।

By

Published : May 6, 2022, 7:55 PM IST

Published : May 6, 2022, 7:55 PM IST

assam rifles northeast insurgency
অসম ৰাইফলছৰ সঞ্চালক প্ৰধান

নেশ্যনেল ডেস্ক,৬ মে' :কেন্দ্ৰীয় চৰকাৰে যিটো সময়ত এক্ট ইষ্ট নীতিৰ (Act east policy) ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে (Central govt has focused on Act East policy) সেই সময়তে অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পি চি নায়াৰৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁৰ মতে এই বহুচৰ্চিত নীতিৰ সফল ৰূপায়ণৰ বাবে শান্তিপূৰ্ণ উত্তৰ-পূবৰ প্ৰয়োজন (Act east policy on NE)। তাৰ বাবে এক ৰণনীতিৰো প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ উল্লেখ কৰা মতে ইয়াৰ বাবে বিদ্ৰোহী গোটৰ দ্বাৰা শান্তি স্বাক্ষৰ, বৰ্ধিত আৰ্থ-সামাজিক বিকাশ, ৰাজনৈতিক সুস্থিৰতা, ভাৰত-ম্যানমাৰ সীমান্তৰ শান্তি বজাই ৰখা আৰু নিষিদ্ধ বিদ্ৰোহী গোটবোৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযানৰ প্ৰচেষ্টা অপৰিহাৰ্য । উত্তৰ-পূব অঞ্চলৰ অৱস্থান আৰু চীন, বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে ঘনিষ্ঠতা আৰু বিদ্ৰোহী গোটসমূহৰ প্ৰতি তেওঁলোকৰ বিদ্বেষমূলক নৈতিক সমৰ্থনে বিদ্ৰোহত ইন্ধন যোগাইছে বুলি দাবী কৰে লেফটেনেণ্ট জেনেৰেল নায়াৰে । তেওঁ কয় যে উত্তৰ-পূবৰ বিচ্ছিন্নতাবাদী সংগঠনসমূহক চীনে গোপনে সহায় আগবঢ়ায় আছে আৰু যোৱা দশকবোৰত ইয়াৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে ।

লেফটেনেণ্ট জেনেৰেল নায়াৰে কয় যে বিদ্ৰোহী সংগঠনসমূহক চুবুৰীয়া দেশে প্ৰদান কৰা প্ৰশিক্ষণ আৰু ভৌতিক সমৰ্থন এতিয়া এক নিৰ্দিষ্ট স্তৰলৈ হ্ৰাস হোৱা দেখা গৈছে । তেওঁ লগতে কয় যে ভাৰতৰ সৈতে চীনৰ সংঘৰ্ষ অব্যাহত থকাৰ সম্ভাৱনা আছে আৰু ভৱিষ্যতৰ যিকোনো সংঘৰ্ষৰ অনুকূল ফলাফল উত্তৰ-পূব অঞ্চলটোৱে লাভ কৰাৰ সম্ভাৱনা আছে ।

উত্তৰ-পূব অঞ্চল প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ বুলি গুৰুত্ব আৰোপ কৰি লেফটেনেণ্ট জেনেৰেল নায়াৰে কয় যে অৰ্থনৈতিক একত্ৰীকৰণ আৰু সমৃদ্ধিৰ সূচনাৰ বাবে আগবঢ়োৱা বিশাল সম্ভাৱনাক ব্যৱহাৰ কৰাৰ বাবে এই সমৃদ্ধিৰ ব্যৱহাৰ কৰা প্ৰয়োজন । লেফটেনেণ্ট জেনেৰেল নায়াৰে নতুন দিল্লীত "উত্তৰ-পূবত গভীৰভাৱে শিপাই থকা বিদ্ৰোহৰ মোকাবিলা কৰাৰ বাবে অৰ্থনৈতিক বিকাশৰ প্ৰাথমিকতা" সম্পৰ্কে এখন আলোচনা চক্ৰত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে । লেফটেনেণ্ট জেনেৰেল নায়াৰে কয় যে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশে অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰাত সহায় কৰিব । ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকল বিদ্ৰোহৰ পৰা আঁতৰি সঠিক পথত আগুৱাই যাব বুলিও তেওঁ আশাবাদী ।

লগতে পঢ়ক :Mega cross-country tour: তিনি সপ্তাহত সাত ৰাজ্য ভ্ৰমণ কৰিব অমিত শ্বাহে

ABOUT THE AUTHOR

...view details