নেচনেল ডেস্ক, 1 মাৰ্চ:ভাৰতীয় সেনাৰ কেৰিয়াৰৰ দিশত সম্ভাৱনা তথা সুবিধাৰ কথা চিন্তা কৰি অসম ৰাইফলৰ 46 বেটেলিয়নে সামৰিক নাৰ্চিং সেৱাৰ প্ৰাৰ্থীসকলৰ বাবে ছয় সপ্তাহৰ এক গাইডেন্স কেপচুল আৰম্ভ কৰিছে ৷ সমাজ কল্যাণ অভিযানৰ অংশ হিচাপে 1 মাৰ্চৰ পৰা আৰম্ভ হোৱা এই অভিযান 10 এপ্ৰিললৈকে চলিব ৷
মিজোৰাম ৰাজ্যত মহিলা সকলৰ সবলীকৰণৰ লক্ষ্য আগত ৰাখি এই অনুষ্ঠান আৰম্ভ হৈছে ৷ জানিব পৰা মতে তিনিটা পৰ্যায়ত এই অভিযান সম্পন্ন হ'ব ৷ উল্লেখ্য যে, বিভিন্ন বিষয় যেনে উদ্ভিদবিজ্ঞান, প্ৰাণীবিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ইংৰাজী, যুক্তি, কাৰেণ্ট এফেয়াৰ্চ আৰু পূৰ্বৰ প্ৰশ্নপত্ৰৰ অনুশীলনৰ দৰে বিভিন্ন বিষয়ৰ ওপৰত এই গাইডেন্স কেপচুলত গুৰুত্ব দিয়া হৈছে ৷