অসম

assam

ETV Bharat / bharat

অসম ৰাইফলছৰ প্ৰশংসনীয় পদক্ষেপ - অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ লগতে মাস্ক আৰু ছেনিটাইজাৰো বিতৰণ

মিজোৰামৰ অনাথ আশ্ৰমত অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ লগতে মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে অসম ৰাইফলছে ।

assam Rifles
অসম ৰাইফলছৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : May 19, 2021, 9:40 AM IST

মিজোৰাম,১৯ মে': অতিমাৰী কৰ'ণাৰ সংকটকালত অসম ৰাইফলছৰ প্ৰশংসনীয় পদক্ষেপ । সততে জনসাধাৰণৰ মন জয় কৰি অহা অসম ৰাইফলছে এইবাৰ গ্ৰহণ কৰিছে আদৰণীয় পদক্ষেপ । মিজোৰামৰ চেৰছিপস্থিত দুটাকৈ অনাথ আশ্ৰমত অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে অসম ৰাইফলছে । ৰাজ্যখনৰ অসম ৰাইফলছৰ ২৩ নং বেটেলিয়নে মঙলবাৰে 'ইউটিলিটি অনাথ আশ্ৰম' আৰু 'জোৱাৰ আৰবান ডিপ্ৰাইভড অনাথ আশ্ৰম'ত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰে ।

অসম ৰাইফলছৰ প্ৰশংসনীয় পদক্ষেপ

অসম ৰাইফলছৰ চেৰচিপ বেটেলিয়নৰ এগৰাকী বিষয়াই অনাথ আশ্ৰমকেইখন পৰিদৰ্শন কৰি বিভিন্ন খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে । লগতে মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে । এই জটিল পৰিস্থিতিত শিশুসকলৰ বাবে ই এক মহান পদক্ষেপ হিচাপে বিবেচিত হৈছে । বিশেষকৈ অতিমাৰীৰ সংকটকালত অসহায় তথা এইসকল শিশুৱে যাতে খাদ্য সংকটত পৰিবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাইফলছে গ্ৰহণ কৰিছে এই ব্যৱস্থা ।

লগতে পঢ়ক: টাউতে: আৰৱ সাগৰৰ পৰা 314 জনক উদ্ধাৰ

ABOUT THE AUTHOR

...view details