অসম

assam

ETV Bharat / bharat

মণিপুৰত উগ্ৰপন্থীৰ ambush ত Assam Rifles ৰ বিষয়া সহ পৰিয়ালৰ লোক নিহত - উগ্ৰপন্থী আক্ৰমণ

শনিবাৰে মণিপুৰত অসম ৰাইফলছৰ এটা গোটৰ কমাণ্ডিং অফিচাৰ এজনৰ কনভয়ত উগ্ৰপন্থীয়ে আক্ৰমণ কৰে ৷ এই আক্ৰমণত অসম ৰাইফলছৰ কমাণ্ডেণ্ট গৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্য সকল নিহত হয় ৷

assam-rifles-commandaning-officer-others-killed-in-ambush-in-manipur
মণিপুৰত উগ্ৰপন্থীৰ ambush ত Assam Rifles ৰ বিষয়া সহ পৰিয়ালৰ লোক নিহত

By

Published : Nov 13, 2021, 3:38 PM IST

Updated : Nov 13, 2021, 9:09 PM IST

নেশ্বনেল ডেস্ক, 13 নবেম্বৰ :শনিবাৰে, মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত এজন অসম ৰাইফলছ কমাণ্ডেণ্ট আৰু তেওঁৰ পৰিয়ালৰ সদস্য নিহত হয় ৷ মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ সিংঘাট মহকুমাত শনিবাৰে অসম ৰাইফলছৰ এটা গোটৰ কমাণ্ডিং অফিচাৰৰ কনভয়ত উগ্ৰপন্থীয়ে আক্ৰমণ কৰে বুলি সংবাদ মাধ্যমযোগে প্ৰকাশ পাইছে । জিলাখনৰ এছ চাইখোম গাঁৱত সংঘটিত এই ঘটনাত সন্দেহযুক্ত উগ্ৰপন্থীয়ে পাঁচজন সৈনিক আৰু দুজন নাগৰিকসহ কমেও সাতজন লোকক হত্যা কৰাৰ কথা জানিব পৰা গৈছে ।

মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই সন্দৰ্ভত টুইট যোগে কয়, " ৪৬ এ আৰৰ কনভয়ত হোৱা আক্ৰমণ কাপুৰুষালি ৷ ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছো, য’ত আজি চিচিপুৰত চিঅ' আৰু তেওঁৰ পৰিয়ালকে ধৰি কেইবাগৰাকীও জোৱানক হত্যা কৰিছে বুলি জানিব পৰা গৈছে । ৰাজ্যখনৰ আৰক্ষী আৰু Para military ৰ বৃহৎ দলে ইতিমধ্যে উগ্ৰপন্থীক বিচাৰি আৰম্ভ কৰিছে অভিযান । অপৰাধীৰ বিৰুদ্ধে ন্যায়িক কাৰ্য চলোৱা হ'ব ।"

জানিব পৰা মতে নিহত বিষয়াজনৰ পৰিয়ালৰ সদস্যসকলৰ লগতে এটা কুইক ৰিএকচন দলো কনভয়ত আছিল । সম্প্ৰতি এই ঘটনাৰ লগত জড়িত সকলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । ইতিমধ্যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰি ইয়াৰ বিৰুদ্ধে টুইট কৰিছে ৷

লগতে পঢ়ক : fight against colonial powers : কিদৰে চেন্নাম্মা আৰু আব্বাক্কাই ৰক্ষা কৰিছিল দেশ মাতৃক ?

Last Updated : Nov 13, 2021, 9:09 PM IST

ABOUT THE AUTHOR

...view details