নিউজ ডেস্ক, 17 এপ্ৰিল: দেওবাৰে অৰুণাচল আৰক্ষীৰ সৈতে চলোৱা যৌথ অভিযানত অসম ৰাইফলছে টিৰাপ জিলাত নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ডৰ (এন এছ চি এন) কে (ৱাই এ) ৰ দুজন অভাৰগ্ৰাউণ্ড সদস্যক আটক কৰে (NSCN Cadre Arrested) ৷
এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, "অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খানু গাঁৱত 16 এপ্ৰিলত অসম ৰাইফলছে অভিযান চলাই এন এছ চি এন কে (ৱাএ এ)ৰ দুজন সক্ৰিয় OGW ক আটক কৰে" ৷ বিশেষ সূত্ৰৰ ভিত্তিত অঞ্চলটোত এই অভিযান চলোৱা হৈছিল বুলি অসম ৰাইফলছে উল্লেখ কৰিছে (Assam Rifles Arrested Two OGWs of NSCN) ৷
অসম ৰাইফলছে উল্লেখ কৰিছে যে, বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অৰুণাচল আৰক্ষীৰ সৈতে যৌথ অভিযান আৰম্ভ কৰা হয় ৷ দলটোৱে ঘেৰাও কৰি অঞ্চলটোৰ পুংখানুপুংখ তালাচী চলায় যাৰ ফলত এন এছ চি এন কে (ৱাই এ) ৰ দুজন সদস্যক আটক কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত অধিক তদন্ত চলি আছে বুলি অসম ৰাইফলছৰ তৰফৰ পৰা জনোৱা হৈছে (Two NSCN K YA Arrested in Arunachal Pradesh) ৷