নেশ্যনেল ডেস্ক,২০ এপ্ৰিল :উত্তৰ-পূৱৰ অন্যতম বিদ্ৰোহী সংগঠন নেচনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড চমুকৈ এনএছচিএনৰ বিৰুদ্ধে অসম ৰাইফলছৰ সফল অভিযান । অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত চলিছে এই অভিযান । ১৬ এপ্ৰিলৰ পৰা ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা NSCN K(YA)ৰ কেইবাজনো কেডাৰ আৰু অভাৰগ্ৰাউণ্ড কৰ্মীক অসম ৰাইফলছে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Assam Rifles operation against NSCN)।
তেনে এক অভিযানৰ মাজতে অসম ৰাইফলছে অৰুণাচলত গ্ৰেপ্তাৰ কৰে NSCN K(YA)ৰ এজন সক্ৰিয় সদস্যক । যোৱা ১৮ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ লংখাও গাঁৱত অসম ৰাইফলছে অৰুণাচল আৰক্ষীৰ সহযোগত বিদ্ৰোহী সংগঠনটোৰ সদস্যজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (NSCN active insurgent arrested)।
নিৰ্দিষ্ট খবৰৰ ভিত্তিত মঙলবাৰে অৰুণাচল আৰক্ষীৰ সৈতে এক যুটীয়া অভিযান আৰম্ভ কৰিছিল অসম ৰাইফলছে । চৰকাৰী বিজ্ঞপ্তি অনুসৰি অভিযানকাৰী দলটোৱে অঞ্চলটো ঘেৰাও কৰিছিল আৰু অনুসন্ধান চলাইছিল । যাৰ ফলত এনএছচিএন কে(ৱাইএ)ৰ সন্দেহযুক্ত সক্ৰিয় সদস্যজন অসম ৰাইফলছৰ জালত পৰে । পৰৱৰ্তী সময়ত বিদ্ৰোহী সংগঠনটোৰ সদস্যজনক স্থানীয় আৰক্ষীক গতাই দিয়া হয় ।