নেশ্যনেল ডেস্ক, ২ এপ্ৰিল: বৃহস্পতিবাৰে মিজোৰামৰ আইজলত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী । মিজোৰাম আৰক্ষী আৰু অসম ৰাইফলছৰ আইজল বেটেলিয়নে আইজলৰ খাটলা অঞ্চলৰ পৰা স্বয়ংক্ৰিয় অস্ত্ৰসমূহ উদ্ধাৰ কৰিছে ৷ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী সমূহ উদ্ধাৰ কৰাৰ লগতে এই ঘটনাত জড়িত থকাৰ অভিযোগত তিনি গৰাকীকৈ লোকক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
আইজলত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰঃ আটক ৩ - ঘটনা সন্দৰ্ভত তিনিজনক আটক
আইজলত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ ৷ মিজোৰাম আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত উদ্ধাৰ হৈছে এই অস্ত্ৰ-শস্ত্ৰসমূহ ৷ ঘটনা সন্দৰ্ভত তিনিজনক আটক ৷
উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী সমূহৰ ভিতৰত আছে এটা এ কে - ২২ ৰাইফল, এটা ২২ এমএম ক'ল্ট পিষ্টল, ১০৮ ৰাউণ্ড, ২২ এম এম, ১ ৰাউণ্ড ৭.৬২ এমএম, ২ ৰাউণ্ড .৩২ এমএম, পাঁচটা খালী কাৰ্টিজ, দুটা শ্বটগান চেলছ ৷ কৰায়ত্ব হোৱা অভিযুক্ত তিনিগৰাকী ক্ৰমে - এফ লালৰেম্পীয়া (২১), লেৰেমৰুয়াটা ৩৬) আৰু লালজাদিংকা (২৩) ৷ সুৰক্ষা বাহিনীৰ দ্ৰুত আৰু সাহসী অভিযানৰ বাবেই অভিযুক্ত লোক তিনিজন আৰক্ষীৰ জালত । কৰায়ত্ব কৰাৰ পাচত অভিযুক্ত লোক কেইজনক আইজল আৰক্ষী থানাত গতাই দিয়া হয় ৷
লগতে পঢ়ক: পুনৰ উত্তৰ প্ৰদেশত দলিত সম্প্ৰদায়ৰ ছাত্ৰীক ধৰ্ষণ কৰি হত্যা