নিউজ ডেস্ক,১৪ ফেব্ৰুৱাৰী: দেশৰ ভিন্ন প্ৰান্তত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । এইবাৰ মিজোৰামত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ অভিযান অসম ৰাইফলছৰ ।
অসম ৰাইফলছৰ মুখ্য় কাৰ্যালয়ৰ মহাপৰিদৰ্ষকৰ নেতৃত্বত অসম ৰাইফলছৰ আইজল বেটেলিয়ান, এফ আই টি লগতে আবকাৰী আৰু নাৰ্ক'টিক্স বিভাগৰ যুটীয়া অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ'ইন । ১৩ ফেব্ৰুৱাৰী নিশা মিজোৰামৰ হনথিয়ালত চলা অভিযানত জব্দ কৰা হয় ৬৬৭ গ্ৰাম হেৰ'ইন ।