নিউজ ডেস্ক, 10 মে’: কেৰালাৰ এৰ্নাকুলামৰ পেৰুম্বাভুৰত অমসৰ যুৱকৰ ৰহস্যজনক মৃত্যু ৷ মৃত যুৱকজনৰ নাম মিণ্টু বুলি জানিব পৰা গৈছে ৷ ‘ৰিয়ান প্লাউড ফেক্টৰী’ নামৰ এটা কাৰখানাত কৰ্মৰত আছিল যুৱকজন ৷ যুৱকজনৰ মৃত্যু সন্দৰ্ভত তেওঁৰ সহকৰ্মী সিদ্ধাৰ্থ চামুৱা নামৰ যুৱকজনক আটক কৰিছে কেৰালা আৰক্ষীয়ে ৷ সিদ্ধাৰ্থ চামুৱাই মিণ্টুক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে (Assam native kills co worker in Kerala) ৷
উল্লেখ্য যে, অতি সংকটজনক আৱস্থাত মিণ্টু নামৰ যুৱকজনক সোমবাৰে ভৰ্তি কৰোৱা হৈছিল এখন চিকিৎসালয়ত ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱা সময়ত মিণ্টুৰ পেট অস্বাভাৱিকভাৱে ফুলি থকাৰ লগতে মুখমণ্ডলো ফুলি আছিল বুলি প্ৰকাশ কৰিছে চিকিৎসকে (Unnatural death of Assam worker) ৷ চিকিৎসকে জানিবলৈ দিয়া অনুসৰি অভিযুক্ত সিদ্ধাৰ্থ চামুৱাই মিণ্টুক চিকিৎসালয়খনলৈ লৈ আনিছিল ৷ প্ৰথৱ অৱস্থাত সিদ্ধাৰ্থই হঠাৎ মুৰ্ছা গৈ মিণ্টু পৰি যোৱা চিকিৎসকক অৱগত কৰিছিল ৷ কিন্তু চিকিৎসকৰ পৰীক্ষাত পোহৰলৈ আহে আপুনি, মই কেতিয়াও ভাবিব নোৱৰা ঘটনা (Fun act becomes fatal) ৷