নিউজ ডেস্ক, ৫ অক্টোবৰ :চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ সীমান্ত সমস্যা দীৰ্ঘদিন ধৰি চলি আছে । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ চৰকাৰে এই সীমা সমস্যা সমাধানত যথেষ্ট গুৰুত্ব দিছে । প্ৰতিখন ৰাজ্যৰে মুখ্যমন্ত্ৰী তথা সংশ্লিষ্ট বিভাগসমূহে বৈঠকতো মিলিত হৈছে । ইয়াৰ মাজতে অসম আৰু মেঘালয় চৰকাৰে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে তৎপৰ হৈ পৰিছে ।
দীৰ্ঘদিন ধৰি চলি অহা সীমা বিবাদ সমাধানৰ বাবে দুয়োখন ৰাজ্যৰে প্ৰতিনিধি দলে একেলগে সীমান্ত অঞ্চল পৰিদৰ্শন কৰে । সোমবাৰে কেবিনেট পৰ্যায়ৰ সমিতিয়ে পৰিদৰ্শন কৰে দুয়োখন ৰাজ্যৰে সীমান্ত বিবাদমান অঞ্চল । বিশেষ সূত্ৰৰ মতে মেঘালয়ৰ মন্ত্ৰী ৰেনিকটন লিংডো টংখাৰ (Renikton Lyngdoh Tongkhar) আৰু অসমৰ মন্ত্ৰী অতুল বৰাই (Atul Bora) এই দলটোক নেতৃত্ব দিয়ে ।
উল্লেখ্য যে, দুয়োখন চুবুৰীয়া ৰাজ্যৰ ১২ টা অঞ্চলক লৈ বিবাদ অব্যাহত আছে । ইয়াৰে 6টা অঞ্চলৰ ক্ষেত্ৰত সামান্য পাৰ্থক্য আছে আৰু ৰাজ্য চৰকাৰে বিশেষ অগ্ৰাধিকাৰৰ ওপৰত নিৰ্ভৰ কৰি সমস্যা সমাধান কৰাৰ সিদ্ধান্ত লৈছে ।