অসম

assam

অসমত ওলট পালট হ'ব পাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটৰ অংক

এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ (NDA candidate Draupadi Murmu) নিৰ্বাচনী প্ৰচাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ এতিয়া ৰাষ্ট্ৰপতি নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিৰোধী শিবিৰতো খাম খেয়ালিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

By

Published : Jul 5, 2022, 11:34 AM IST

Published : Jul 5, 2022, 11:34 AM IST

Assam may reverse presidential election vote figures
সমত ওলট পালট হ'ব পাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটৰ অংক

নিউজ ডেস্ক, 5 জুলাই :সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচন (Presidential Election 2022) ৷ এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ (NDA candidate Draupadi Murmu) নিৰ্বাচনী প্ৰচাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ অসমক প্ৰতিনিধিত্ব কৰা 126 জন বিধায়কৰ উপৰি লোকসভাৰ 14 জন আৰু ৰাজ্যসভাৰ 7 জন সাংসদকে ধৰি ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমৰ মুঠ ভোটাৰৰ সংখ্যা 147 গৰাকী ৷

এতিয়া ৰাষ্ট্ৰপতি নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিৰোধী শিবিৰতো খাম খেয়ালিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ অসমত শেহতীয়াকৈ হৈ যোৱা ৰাজ্যসভা নিৰ্বাচনৰ পৰাই বিৰোধী দলৰ মাজত বোকা ছটিওৱা ৰাজনীতিয়ে শাসকীয় দলক উপকাৰ কৰি আহিছে ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ'ব ৷ এতিয়া ইয়াকে লৈ বিৰোধী শিবিৰত অক্ষুন্ন আছে শংকা আৰু সন্দেহ ৷

বিৰোধী দল কংগ্ৰেছ (Assam Congress)আৰু এ আই ইউ ডি এফৰ (AIUDF) মিত্ৰতা ভংগ হোৱাৰ পিছতেই কঁকাল বেকা হৈছে কংগ্ৰেছৰ ৷ ইপিনে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে সময়ে সময়ে বিৰোধীৰ ভূমিকা এৰি শাসকীয় দলৰ পক্ষ লোৱা ঘটনাই ৰাজনৈতিক সন্দেহ দুগুণে বৃদ্ধি কৰিছে ৷ অলপতে সংবাদমাধ্যমৰ আগত কংগ্ৰেছে বদৰুদ্দিন আজমলক উদ্দেশ্যি স্পষ্টকৈ কৈছে যে এ আই ইউ ডি এফৰ ওপৰত কংগ্ৰেছৰ বিশ্বাস নাই ৷ এ আই ইউ ডি এফে কংগ্ৰেছক কেবাবাৰো বিশ্বাসঘাতকতা কৰি থৈছে ৷ তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছে এই আই ইউ ডি এফলৈ বুলি এইপাট শৰ নিক্ষেপ কৰাৰ পিছত মনে মনে বহি থকা নাই বদৰুদ্দিন আজমল ৷

সোমবাৰে আজমলে খোলাখুলিকৈ কৈ দিয়ে যে ৰাষ্ট্ৰপতি নিৰ্বাচনত এ আই ইউ ডি এফে ভোট কাক দিব সেয়া পুনৰ বিবেচনা কৰিব ৷ কিয়নো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বদৰুদ্দনি আজলৰ মাজৰ সম্পৰ্ক মুঠেও ভাল নহয় ৷ নকলেও হ'ব যে ইয়াৰ প্ৰভাৱ পৰিব ৰাষ্ট্ৰপতি নিৰ্বাচনত ৷

এ আই ইউ ডি এফৰ 15 জন বিধায়ক আৰু এজন সাংসদৰ ভোট বিৰোধী প্ৰাৰ্থী যশোৱন্ত সিনহাৰ পৰিৱৰ্তে এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ পক্ষত পৰিলেও আচৰিত হ’বলগীয়া একো নাথাকিব ৷ অসমৰ শেহতীয়া ৰাজ্যসভা নিৰ্বাচনৰ দৰে এইবাৰো বিৰোধী দলৰ ৰাজনীতিৰ যোগ-বিয়োগত লাভান্বিত হোৱাৰ সম্ভাৱনা আছে বিজেপি ৷ ফলত উপকৃত হ'ব পাৰে এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু ৷

উল্লেখ্য যে এই ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমৰ এজন বিধায়কৰ ভোটৰ মূল্য হ'ব 116 ৷ অসমৰ 126 গৰাকী বিধায়কৰ ভোটৰ মূল্য হ'ব 14,616 ৷ বিজেপি আৰু মিত্ৰজোঁট মিলি 25 গৰকী বিজেপিৰ সাংসদে ভোটদান কৰাৰ বিপৰীতে বিৰোধী দলৰ 6 গৰাকী সাংসদে ভোটদান কৰিব ৷ অহা 18 জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হ'ব ৷ এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ প্ৰতিদ্বন্দী হিচাপে থিয় দিছে বিৰোধী দলৰ ৰ্সবসন্মত প্ৰাৰ্থী প্ৰাক্তন বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহা (Yashwant Sinha) ৷

লগতে পঢ়ক:President election: ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদীক সমৰ্থন জনাব এআইএডিএমকেয়ে

ABOUT THE AUTHOR

...view details