অসম

assam

ETV Bharat / bharat

Odisha Train accident : বালাছোৰৰ ৰে'ল দুৰ্ঘটনাত আহত অসমৰ ৰূপক দাস, ওড়িশালৈ ৰাওনা অসমৰ স্বাস্থ্য বিষয়া - ওড়িশালৈ ৰাওনা অসমৰ স্বাস্থ্য বিষয়া

বালাছোৰৰ ৰে'ল দুৰ্ঘটনাত আহত অসমৰ ৰূপক দাস চিকিৎসাধীন (Assam youth injured in Odisha accident)। ৰূপক দাসৰ সহায়ৰ বাবে অসমৰ পৰা দুগৰাকী জ্যেষ্ঠ বিষয়া বালাছোৰলৈ ৰাওনা । যুৱকজনৰ পৰিয়ালৰ সৈতেও অসম চৰকাৰে যোগাযোগ ৰাখিছে ।

Odisha Train accident
ওড়িশালৈ ৰাওনা অসমৰ স্বাস্থ্য বিষয়া

By

Published : Jun 4, 2023, 8:30 PM IST

গুৱাহাটী, ৪ মে' :ওড়িশাৰ বালাছোৰৰ ৰে'ল দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হৈ আছে অসমৰ ৰূপক দাস (Assam youth injured in Odisha accident)। ৰে'লযাত্ৰী হিচাপে যোৱা ৰূপক দাসক সহায়ৰ বাবে দেওবাৰে গুৱাহাটীৰ পৰা ৰাওনা হৈছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ দুগৰাকী জ্যেষ্ঠ বিষয়া । ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা অসম অসামৰিক সেৱাৰ বিষয়া ৰণবীৰ বৰা আৰু যুটীয়া চিকিৎসা শিক্ষা সঞ্চালক ডাঃ ছৈয়দ তনৱীৰ আলম দেওবাৰে দুপৰীয়া গুৱাহাটীৰ পৰা বিমানযোগে ভুৱনেশ্বৰলৈ ৰাওনা হৈছে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মৰ্মে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশত বিষয়া দুগৰাকীয়ে সম্প্ৰতি বালাছোৰৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন ৰূপক দাসক সাক্ষাৎ কৰিবলৈ গৈছে (Assam Health officer to Balasore)। আহত ৰূপক দাসৰ ঘৰ অসমৰ বিশ্বনাথ চাৰিআলিত । শনিবাৰে নিশা অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই বালাছোৰৰ চিকিৎসালয়ত চিকিৎসাধীন ৰূপক দাসৰ সৈতে ফোনত কথা পাতি তেওঁৰ খবৰ লৈছিল ।

বালাছোৰৰ ৰে'ল দুৰ্ঘটনাত আহত অসমৰ ৰূপক দাস

ৰূপক দাসৰ সৈতে হোৱা যোগাযোগৰ সময়ত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ ফালৰ পৰা তেওঁলৈ প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই নিৰ্দেশনা আগবঢ়োৱাৰ বিষয়ে তেওঁক অৱগত কৰিছে । সেই মতে দেওবাৰে গুৱাহাটীৰ পৰা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া দুগৰাকীয়ে বালাছোৰলৈ যাত্ৰা কৰিছে (Assam health official leaves for Odisha)।

স্বাস্থ্য বিভাগৰ বিষয়াদ্বয়ে বালাছোৰৰ চিকিৎসালয়ত আহত ৰূপক দাস লগ কৰিব আৰু চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পাচতে অসমলৈ সুকলমে অনাৰ ব্যৱস্থা কৰিব ।

অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে তেওঁৰ পৰিয়ালৰ সৈতেও নিৰন্তৰ যোগাযোগ চলাই থকা হৈছে (Balasore Train accident)। ইফালে, দুয়োগৰাকী বিষয়াই বালাছোৰৰ ভয়াৱহ ৰে'ল দুৰ্ঘটনাটোত ৰূপক দাসৰ বাদেও অসমৰ আন কোনো ৰে'লযাত্ৰী ক্ষতিগ্ৰস্ত হৈছে নেকি, সেই বিষয়েও স্থানীয় প্ৰশাসন আৰু ৰে'ল বিভাগৰ সৈতে যোগাযোগ কৰিব । উল্লেখ্য যে, বালাছোৰ দুৰ্ঘটনাত ১১৭৫ গৰাকী লোক আহত হৈছে ।

লগতে পঢ়ক:Balasore train accident : ভুৱনেশ্বৰলৈ ৰাওনা এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ দল

ABOUT THE AUTHOR

...view details