অসম

assam

ETV Bharat / bharat

Assam Flood Updates : বানৰ কৱলত প্ৰায় ৩১ লাখ লোক, মৃত্যুৰ সংখ্যা ১৫১ লৈ বৃদ্ধি - অসমৰ বানপানীৰ পৰিস্থিতিয়ে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে

অসমৰ বান পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই (Flood situation of Assam)। এতিয়ালৈ ৰাজ্যৰ প্ৰায় ৩১.৫ লাখ লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে । একে সময়তে অসমত ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত বান সম্পৰ্কীয় ঘটনাত ১২ গৰাকী লোকৰ মৃত্যু হৈছে । আনহাতে কাছাৰ জিলাৰ শিলচৰ চহৰৰ বেছিভাগ অঞ্চল যোৱা ১০ দিন ধৰি জলমগ্ন হৈয়ে আছে ।

Assam Flood
বানৰ কৱলত প্ৰায় ৩১ লাখ লোক

By

Published : Jun 30, 2022, 5:47 PM IST

নেশ্যনেল ডেস্ক,৩০ জুন :অসমৰ বানপানীৰ পৰিস্থিতিয়ে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood situation in Assam worsened)। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA) প্ৰকাশ কৰা তথ্য অনুসৰি বুধবাৰে বানপানীত ১১ গৰাকী আৰু ভূমিস্খলনত এগৰাকী লোকৰ মৃত্যু হয় । ইয়াৰ লগে লগে, ৰাজ্যখনত বানপানী আৰু ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৫১ লৈ বৃদ্ধি পাইছে ।

বানৰ কৱলত প্ৰায় ৩১ লাখ লোক, মৃত্যুৰ সংখ্যা ১৫১ লৈ বৃদ্ধি

বুধবাৰৰ দিনটোলৈ ২৪.৯২ নিযুত লোক ক্ষতিগ্ৰস্ত হৈছিল আৰু এদিন পাছত এই সংখ্যা বৃদ্ধি হৈ ৩১.৫৪ লাখ হৈছেগৈ । এতিয়াও ব্ৰহ্মপুত্ৰ, বেঁকী, কপিলী, বৰাক আৰু কুশিয়াৰা নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

উদ্বেগজনকভাৱে শিলচৰ চহৰৰ বেছিভাগ অঞ্চল জলমগ্ন হৈ আছে (Flood situation in Silchar)। বানাক্ৰান্ত ৰাইজে খাদ্য, খোৱাপানী আৰু ঔষধৰ সংকটৰ সন্মুখীন হৈছে । কাছাৰৰ উপায়ুক্ত কীৰ্তি জাল্লিয়ে বান পৰিস্থিতি সন্দৰ্ভত কয় যে বেথকুণ্ডিত বান্ধ ছিগি যোৱাৰ বাবে শিলচৰৰ বেছিভাগ অঞ্চল এতিয়াও জলমগ্ন হৈ আছে । অৱশ্যে মথাউৰিৰ মেৰামতিৰ কাম চলি আছে । তেওঁ লগতে কয় যে যিমান সম্ভৱ বানাক্ৰান্তৰ বাবে খাদ্য আৰু খোৱাপানী যোগানৰ ব্যৱস্থা কৰা হৈছে ।

আনহাতে স্বাস্থ্য বিভাগেও ঠায়ে ঠায়ে চিকিৎসা শিবিৰৰ আয়োজন কৰিছে । চহৰখনত পৌৰ নিগমৰ অন্তৰ্গত ২৮ টা ৱাৰ্ডলৈ চিকিৎসা কৰ্মী প্ৰেৰণ কৰা হৈছে । আনহাতে বিভিন্ন সাহাৰ্য শিবিৰত স্বাস্থ্য শিবিৰ স্থাপন কৰা হৈছে য'ত ডায়েৰিয়া প্ৰতিৰোধৰ বাবে লোকসকলক ORS পেকেট দিয়া হৈছে ।

ৰাজ্যজুৰি ৭৯ টা ৰাজহ বিভাগৰ অধীনৰ মুঠ ২,৬৭৫ খন গাঁও বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে আনহাতে ৩,১২,০৮৫ গৰাকী লোকে ৫৬৯ টা শিবিৰত আশ্ৰয় লৈ আছে । বানপানীৰ ফলত কাছাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে । য'ত এতিয়ালৈ প্ৰায় ১৪.৩০ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে ।

কাছাৰৰ পাছতে ক্ষতিগ্ৰস্ত হোৱা জিলাসমূহ ক্ৰমে বৰপেটা (৫.৪৯ লাখ) আৰু নগাঁও (৫.১৯ লাখ) (Flood affected districts of Assam)। এতিয়ালৈ পাঁচটাকৈ মথাউৰি ছিগিছে, আনহাতে ১৭৭ টা পথ আৰু পাঁচখন দলং ক্ষতিগ্ৰস্ত হৈছে । মুঠ ৫৪৮ টা ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে আৰু ১,০৩৪ টা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কোকৰাঝাৰ, লখিমপুৰ, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, দক্ষিণ শালমাৰ, তামুলপুৰ আৰু তিনিচুকীয়া জিলাত বৃহৎ পৰিমাণে গৰাখহনীয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :প্ৰৱল বানত জোনাইত দুজন লোকৰ মৃত্যু

ABOUT THE AUTHOR

...view details