নেশ্যনেল ডেস্ক,১৪ জানুৱাৰী :বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক প্ৰায়ে সমালোচনা কৰা পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰক এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আক্ৰমণ । অসমৰ মুখ্যমন্ত্ৰীৰ মতে টিএমচি নেতা শ্বাহজাহান শ্বেখক গ্ৰেপ্তাৰ কৰাত ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে । কিন্তু শ্বাহজাহানক আত্মগোপন কৰা স্থানৰ পৰাই বিচাৰি উলিওৱা হ'ব বুলি দাবী কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই । কলকাতা ভ্ৰমণৰ সময়ত শৰ্মাই কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শ্বাহজাহান শ্বেখক য'তেই লুকাই আছে তাৰ পৰা আটক কৰি আনিব । মুখ্যমন্ত্ৰীগৰাকীৰ মতে প্ৰয়োজন হ'লে শ্বেখক পাতালৰ পৰাও বিচাৰি উলিওৱা হ'ব ।
শেহতীয়াকৈ ইডিৰ একাংশ বিষয়াক অভিযান চলোৱাৰ সময়ত টিএমচি নেতা শ্বাহজাহান শ্বেখৰ একাংশ সমৰ্থকে আক্ৰমণ কৰিছিল । তেতিয়াৰে পৰা নেতাগৰাকীৰ বিৰুদ্ধে ৰাজ্যখনত তীব্ৰ ক্ষোভ দেখা গৈছে । বিজেপি দলেও নেতাগৰাকীক গ্ৰেপ্তাৰত ব্যৰ্থ হোৱাক লৈ টিএমচি চৰকাৰক তীব্ৰ সমালোচনা কৰি আছে ।
ইফালে কিছুদিন পূৰ্বে পুৰুলিয়া জিলাত ছদ্মবেশী অপহৰণকাৰীৰ সন্দেহত তিনিগৰাকী সাধুক গংগাসাগৰ মেলালৈ যোৱাৰ সময়তে একাংশ লোকে প্ৰহাৰ কৰিছিল । এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিতৰ্কিত মন্তব্যৰে প্ৰায়ে চৰ্চাত থকা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে তৃণমূল চৰকাৰৰ নেতৃত্বত ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতিৰ অৱনতি হৈছে । আইন শৃংখলা অৱনতি হোৱাৰ ফলতে বৃহস্পতিবাৰে ৰাজ্যখনৰ পুৰুলিয়া জিলাত সাধুসকলৰ ওপৰত আক্ৰমণ হৈছে । পশ্চিমবংগক ৰাজনৈতিক হিংসাজৰ্জৰ বুলি অভিহিত কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সাধুসকলৰ ওপৰত হোৱা আক্ৰমণত তেওঁ আচৰিত হোৱা নাই ।