অসম

assam

ETV Bharat / bharat

Sanatan Dharma Row: সনাতন ধৰ্মক শেষ কৰিবলৈ বিৰোধী মিত্ৰজোঁট গঠন হৈছে; ড৹ হিমন্ত বিশ্ব শৰ্মা

সম্প্ৰতি সনাতন ধৰ্মক লৈ দেশজুৰি বিতৰ্ক অব্যাহত আছে । তাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰীয়ে বিৰোধীক টাৰ্গেট কৰি লয় । তেওঁৰ মতে বিৰোধীয়ে সনাতন ধৰ্মক শেষ কৰিবলৈ মিত্ৰতা কৰিছে ।

Assam CM slams INDIA
সনাতন ধৰ্মক শেষ কৰিবলৈ বিৰোধী মিত্ৰজোঁট গঠন হৈছে

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 2:13 PM IST

Updated : Sep 15, 2023, 9:31 PM IST

সনাতন ধৰ্মক শেষ কৰিবলৈ বিৰোধী মিত্ৰজোঁট গঠন হৈছে

নেশ্যনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ :সনাতন ধৰ্মক শেষ কৰিবলৈ বিৰোধী মিত্ৰজোঁট 'INDIA' গঠন হৈছে । এই বিস্ফোৰক মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বিহাৰৰ ৰাজধানী পাটনাত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । পাটনাৰ বিমানবন্দৰত উপস্থিত হৈয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী মিত্ৰজোঁটক লক্ষ্য কৰি লয় ।

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিহাৰৰ নালন্দাত আয়োজিত গণতন্ত্ৰৰ বৈশালী উৎসৱত অংশগ্ৰহণ কৰে । তাৰ পূৰ্বে বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বিজেপিৰ কৰ্মী তথা সমৰ্থকসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি জনায় । পাটনা বিমানবন্দৰত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেওঁ প্ৰথমে মিত্ৰজোঁট 'INDIA'ক লক্ষ্য কৰি লয় । এই সময়ছোৱাত, তেওঁ লোকসভা নিৰ্বাচনৰ কথাও উল্লেখ কৰে ।

তেওঁ সংবাদ মাধ্যমৰ সন্মুখত মিত্ৰজোঁট 'INDIA'ক আক্ৰমণ কৰি লয় । তেওঁ স্পষ্ট কৰি দিয়ে যে সনাতন ধৰ্মক আঁতৰাবলৈ 'INDIA' মিত্ৰজোঁট গঠন কৰা হৈছে । বিৰোধীক সমালোচনা কৰি তেওঁ কয় যে, এই লোকসকলৰ উদ্দেশ্য হৈছে দেশৰ সভ্যতা আৰু সংস্কৃতি ধ্বংস কৰা । তেওঁ দাবী কৰে যে, লোকসভা নিৰ্বাচনত সভ্যতাৰ বাবে যুঁজ দিয়া হ'ব । সনাতন ধৰ্ম সুৰক্ষিত কৰা হ'ব বুলিও তেওঁ দাবী কৰে ।

উল্লেখ্য যে, বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ত গণতন্ত্ৰৰ বৈশালী উৎসৱ উদযাপন কৰা হৈছে । এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ বৃহস্পতিবাৰে বিহাৰত উপস্থিত হয় । ৰামনাথ কোবিন্দৰ উপৰিও বিহাৰৰ ৰাজ্যপাল, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বৈদেশিক পৰিক্ৰমা আৰু সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী মিনাক্ষী লেখি, কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং আৰু নেপাল, শ্ৰীলংকা, ইজিপ্ত, চিলি আৰু আৰ্জেণ্টিনাকে ধৰি কেইবাখনো দেশৰ ৰাষ্ট্ৰদূতসকলেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :NSG report on Chandrababu Naidu arrests : চন্দ্ৰবাবুৰ গ্ৰেপ্তাৰৰ সময়ত নিৰাপত্তা ত্ৰুটি, গৃহ মন্ত্ৰালয়লৈ এনএছজিৰ প্ৰতিবেদন

Last Updated : Sep 15, 2023, 9:31 PM IST

ABOUT THE AUTHOR

...view details