নেশ্যনেল ডেস্ক, 10 ছেপ্টেম্বৰ:নতুন দিল্লীত 9 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা G20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণকৰেঅসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অনুষ্ঠানত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ সৈতে মত বিনিময় কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ শনিবাৰে নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আয়োজন কৰা G20 নৈশ ভোজনৰ সময়ত অসমৰ চহকী সংস্কৃতিৰ প্ৰদৰ্শনে গভীৰভাৱে আপ্লুত কৰা বুলি অনুভৱ ব্যক্ত কৰে ।
লগতে ৰাজ্যখনৰ সাংস্কৃতিক দিশলৈ প্ৰদান কৰা এই বিশেষ স্বীকৃতিৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সমগ্ৰ আয়োজক দলটিলৈ কৃতজ্ঞতা জ্ঞাপন কৰে । "ভাৰত মণ্ডপমত আয়োজিত G20 ৰ নৈশ আহাৰ গ্ৰহণৰ সময়ত অসমৰ চহকী সংস্কৃতি বিশ্বৰ দৰ্শকৰ আগত প্ৰদৰ্শনে মোক গভীৰভাৱে আপ্লুত কৰে " - Xযোগে মুখ্যমন্ত্ৰী শৰ্মাই ব্যক্ত কৰে এই অনুভৱ ।
ৰাজধানী দিল্লীত ৰাষ্ট্ৰপতি মুৰ্মুৱে আয়োজন কৰা G 20 নৈশ ভোজনৰ আহাৰ গ্ৰহণৰ বিশেষ আমন্ত্ৰিত তালিকাত স্থান লাভ কৰিছিল মুঠ 170 গৰাকী অতিথিয়ে । নৈশ ভোজন অনুষ্ঠানৰ আয়োজক ৰাষ্ট্ৰপতি মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, তেওঁৰ পত্নী সুদেশ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে যোগদান কৰে এই নৈশ আহাৰ অনুষ্ঠানত ।