নেশ্যনেল ডেস্ক, 17 ছেপ্টেম্বৰ:ছ’চিয়েল মিডিয়া প্লেটফ’ৰ্ম Xত বিৰোধী নেতা ৰাহুল গান্ধীয়েপ্ৰকাশ কৰা এটি পোষ্ট সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে,কংগ্ৰেছ দলে X যোগে এটা এনিমেটেড ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধী নেতা ৰাহুল গান্ধীৰ সৈতে মিল থকা কাৰ্টুন চৰিত্ৰ উপস্থাপন কৰাৰ লগতে উত্তৰ-পূব শূন্য মানচিত্ৰ শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে ।
উত্তৰ-পূৰ্বাঞ্চল শূন্য ভাৰতৰ এখন মানচিত্ৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ বাবে কংগ্ৰেছ দলক বিজেপিয়ে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে । অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বিৰোধী দলটোক আক্ৰমণ কৰি কয়, "দলটোৱে যেন গোপনে কোনোবা চুবুৰীয়া দেশৰ সৈতে চুক্তি কৰিছে ৷" আপাত দৃষ্টিত চীনৰ হাতত “উত্তৰ-পূর্বাঞ্চলৰ সমগ্র ভূমি বিক্ৰী কৰিবলৈ" কংগ্ৰেছে যোজা চলাইছে বুলি অভিযোগ তোলে ৷
X ত ভিডিঅ’টোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, “কংগ্ৰেছ দলে যেন গোপনে উত্তৰ-পূৰ্বাঞ্চলৰ সমগ্ৰ মাটি কোনোবা চুবুৰীয়া দেশক বিক্ৰী কৰাৰ বাবে চুক্তি কৰিছে ।” উত্তৰ-পূৰ্বাঞ্চলৰ অংশটো 'নিৰুদ্দেশ' বুলি আঙুলিয়াই দি বিজেপি নেতাগৰাকীয়ে কয়, "এই কাৰণেই নেকি ৰাহুল বিদেশলৈ গ’ল ? নে দলে শ্বাৰ্জিল ইমামক সদস্যপদ প্ৰদান কৰিছে ?”