নেশ্যনেল ডেস্ক,১৪ অক্টোবৰ :'হামাছক সমৰ্থন কৰাসকলক কাৰাগাৰত ৰাখিব লাগে ।' এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে উত্তৰ প্ৰদেশৰ প্ৰখ্যাত বিন্ধ্যাচল ধামত উপস্থিত হৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ড৹ হিমন্ত বিশ্ব শৰ্মাই হামাছৰ সপক্ষে হোৱা প্ৰতিবাদ সন্দৰ্ভত কয় যে ভাৰত আটাইতকৈ বেছি সন্ত্ৰাসবাদৰ বলি হৈছে । যিসকলে হামাছক সমৰ্থন কৰি আছে তেওঁলোকে সন্ত্ৰাসবাদক সমৰ্থন কৰিছে । এইটো কৰিলে কোনো লাভ নহয় । তেওঁলোকে দেশৰ লাভালাভ চোৱা উচিত বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে বিন্ধ্যাচল ধামত উপস্থিত হৈ আশীষ লয় । তেওঁক কেন্দ্ৰীয় মন্ত্ৰী তথা মিৰ্জাপুৰৰ সাংসদ অনুপ্ৰিয়া পেটেলে আদৰণি জনায় । মা বিন্ধ্যাবাসিনীৰ আশীষ গ্ৰহণৰ পাছতে তেওঁ নিৰ্মাণৰত বিন্ধ্যা কৰিডৰ পৰিদৰ্শন কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ মতে তেওঁ বহু দিনৰ পৰা বিন্ধ্যাচল ধাম পৰিদৰ্শনৰ পৰিকল্পনা কৰি আছিল । মাৰ আশীষ লৈ তেওঁ সকলোৰে মঙ্গল কামনা কৰে ।