ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেশ্যনেল ডেস্ক, 20 ছেপ্টেম্বৰ: কংগ্ৰেছ আৰু গাদ্দাৰ একেটাই শব্দ ৷ বুধবাৰে ৰাজস্থানৰ লুনিত বিজেপিৰ পৰিৱৰ্তন সংকল্প যাত্ৰাৰ এক সমাৱেশ সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ, ৰাহুল গান্ধী আৰু অশোক গেহলটৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় ৷
বিশেষকৈ হিন্দুত্বৰ ওপৰত গেহলটক আক্ৰমণ হিমন্তৰ ৷ তেওঁ কয়, ‘‘ৰাজস্থানত হিন্দুসকলৰ মুৰ শৰীৰৰ পৰা কাটি পেলোৱা হয় । এয়া অতি দুখজনক । অশোক গেহলটে কৈছে যে তেওঁ ৰাজস্থানত হিন্দুত্বৰ অনুমতি নিদিয়ে । ৰাজস্থানত 5,000 বছৰ ধৰি হিন্দুত্ব আছে । আমি হিন্দু হৈ জন্মগ্ৰহণ কৰিছো আৰু যেতিয়া আমি মৰিম তেতিয়াও আমি হিন্দু ৷’’
‘‘যেতিয়ালৈকে চন্দ্ৰ, সূৰ্য থাকিব তেতিয়ালৈকে হিন্দুত্ব থাকিব, আপুনি (অশোক গেহলট) ৰাজস্থানত হিন্দুত্ব ধ্বংস কৰিব নোৱাৰে । যদি ৰাজস্থানত হিন্দুত্ব নাথাকে, বাবৰ ব্যৱস্থা থাকিব নেকি, বাবৰে ইয়াত শাসন কৰিব নেকি, কংগ্ৰেছে বাবৰক কিয় ইমান ভাল পায় ?’’ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰে ৷
ৰাহুল গান্ধীক আক্ৰমণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘যদি ৰাহুল গান্ধী হিন্দু হয়, তেন্তে এবাৰ ৰামলাললৈ যাওক, যদি আপুনি ৰাজস্থানলৈ আহে, যদি আপুনি মধ্য প্ৰদেশলৈ আহে, তেন্তে মন্দিৰলৈ যাওক আৰু কেতিয়াবা গৈ ৰামলাললৈ চাওক যে মন্দিৰটো কেনেকৈ নিৰ্মাণ কৰা হৈছে ৷ আপুনি গোটেই পৃথিৱী ভ্ৰমণ কৰিব পাৰে, কিন্তু ৰামলাললৈ নাযায় ৷ যদি আপুনি তালৈ যায় তেন্তে বাবৰে দুখ পাব ৷’’
ইফালে যোধপুৰত জিভা পিছল খালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ তেওঁ কয় যে ৰাজস্থানত কংগ্ৰেছ চৰকাৰ গঠন কৰিব লাগিব ৷ অশোক গেহলটে নিৰ্বাচনৰ পূৰ্বে বিভিন্ন আঁচনি প্ৰৱৰ্তন কৰি ৰাজহুৱা ধনৰ অপচয় কৰা বুলিও মন্তব্য কৰে ৷
‘‘গেহলটৰ বিজ্ঞাপন অসমত প্ৰকাশিত হৈছে ৷ তেওঁলোকে এই ধন কৃষকসকলৰ একাউণ্টত দিব লাগিছিল । যদি ৰাহুল গান্ধীয়ে তেলেংগানাত শাসনলৈ আহিলে মহিলাৰ একাউণ্টত 2,500 টকা জমা দিয়াৰ কথা কৈছে, তেন্তে তেওঁলোকৰ চৰকাৰ ৰাজস্থানত আছে, ৰাজস্থানতো সেই ধন প্ৰদান কৰক,’’ আক্ৰমণ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় ৷
লগতে পঢ়ক:Bhupesh Baghel: প্ৰধানমন্ত্ৰীক মুণ্ডন কৰালেহে হিমন্ত বিশ্ব শৰ্মা হিন্দু বুলি প্ৰমাণিত হ’ব; ভূপেশ বাঘেল