অসম

assam

ETV Bharat / bharat

নতুন দিল্লীত সেনা প্ৰধানক সাক্ষাৎ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই - প্ৰিয়ংকা গান্ধী

সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱনেক নতুন দিল্লীত সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইণ্ডিয়া টুডে কনক্লেভ (IndiaTodayConclave)ত অংশ ল’বলৈ গৈ জেনেৰেল মনোজ মুকুন্দ নাৰাৱনেক একেটা অনুষ্ঠানতে সাক্ষাৎ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

assam-cm-himanta-bishwa-sarma-met-army-chief
নতুন দিল্লীত সেনা প্ৰধানক সাক্ষাৎ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই

By

Published : Oct 9, 2021, 9:25 PM IST

নিউজ ডেস্ক, 9 অক্টোবৰ :নতুন দিল্লীত উপস্থিত হৈ সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱনেক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ যোগ্য যে, ৰাজধানী চহৰত ইণ্ডিয়া টুডে’ গ্ৰুপৰ এক আৰম্বৰপূৰ্ণ অনুষ্ঠান ইণ্ডিয়া টুডে কনক্লেভ( IndiaTodayConclave )ত অংশ ল’বলৈ গৈ একেটা অনুষ্ঠানতে জেনেৰেল মনোজ মুকুন্দ নাৰাৱনেক সাক্ষাৎ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইতিমধ্যে, ড৹ শৰ্মাই এই সন্দৰ্ভত উল্লেখ কৰি নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি লিখিছে, ''নতুন দিল্লীত #IndiaTodayConclave ৰ সময়ত সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱনেক সাক্ষাৎ কৰোঁ ।''

মন কৰিব লগীয়া যে, ইণ্ডিয়া টুডে কনক্লেভত ড৹ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৷ ইয়াৰে ভিতৰত NRC আৰু সন্দেহ যুক্ত বাংলাদেশীৰ প্ৰসংগ, গো-সংৰক্ষণ বিধেয়ক আদিৰ প্ৰসংগও উল্লেখ কৰিছে ড৹ শৰ্মাই ৷

ইয়াৰ লগতে, ভাৰতবৰ্ষৰ সংস্কৃতি হিন্দু সকলৰ নিজৰ সংস্কৃতি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ভাৰতবৰ্ষত হিন্দু সকলক ৰক্ষা কৰিবলৈ তেওঁ কোনো নহয় ৷ হিন্দু সকলক ভাৰতত ৰক্ষা কৰাৰ কোনো প্ৰয়োজনীয়তা নাই কাৰণ, দেশৰ সংস্কৃতি হিন্দু সকলৰ নিজা বুলি উল্লেখ কৰিলে ড৹ শৰ্মাই ৷

ইয়াৰোপৰি, শেহতীয়াকৈ প্ৰিয়ংকা গান্ধীয়ে মজিয়াত ঝাড়ু মৰাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা সম্পৰ্কত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি ড৹ শৰ্মাই কয় যে,'' ইয়াত কোনা আচৰিত হ’ব লগীয়া অথবা প্ৰচাৰ হ’ব লগীয়া কথা মই দেখা নাই ৷ মই বছৰৰ পিছত বছৰ মোৰ মাক ঘৰ ঝাড়ু দিয়া দেখা পাই আহিছো ৷'' আনকি, প্ৰিয়ংকা গান্ধীৰ ঝাড়ু মৰাৰ কিটিপটোও ভুল বুলি টিপ্পনি কৰিলে ড৹ শৰ্মাই ৷

লগতে পঢ়ক :ৰাজকন্যা বৰুৱা কাণ্ডই জোকাৰি গৈছে ৰাজ্য:নাম সাঙোৰ খাইছে ৰৌ-বৰালিৰ

ABOUT THE AUTHOR

...view details