নিউজ ডেস্ক, ২৬ মে' :দেশত এতিয়া সৰ্বত্ৰে চৰ্চাৰ শীৰ্ষত আছে 'ছেংগোল' । স্বাধীনতাৰ প্ৰতীক এই ৰাজদণ্ডই নতুন সংসদ ভৱনত স্থান লাভ কৰিব বুলি গৃহমন্ত্ৰীয়ে কৰা ঘোষণাৰ পিছতে এই বিষয়ত চৰ্চা আৰম্ভ হৈছে । বিভিন্ন ৰাজনৈতিক দল তথা নেতাই এই সন্দৰ্ভত নিজৰ নিজৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে । এইবাৰ 'ছেংগোল' সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma reacted on Sengol) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে অভিযোগ কৰে যে বাঁওপন্থীসকলে 'ছেংগোল'ক প্ৰত্যাখ্যান কৰি হিন্দু পৰম্পৰাৰ প্ৰতি অৱজ্ঞা প্ৰদৰ্শন কৰিছে ।
লগতে তেওঁৰ গুৰুতৰ অভিযোগ, বাঁওপন্থীয়ে 'ছেংগোল'ক অপ্ৰয়োজনীয় 'খোজকঢ়া লাখুঁটি' হিচাপে প্ৰত্যাখ্যান কৰিছে (Assam CM accuses Left disrespecting Sengol) । "ছেংগোল আমাৰ স্বাধীনতাৰ বাবে অবিচ্ছেদ্য আছিল । কিন্তু পণ্ডিত নেহৰুৰ গুৰুত্বপূৰ্ণ ভূমিকা সত্ত্বেও বাঁওপন্থীসকলে ইয়াক সংগ্ৰহালয়ৰ এটা কোণত এক অপ্ৰয়োজনীয় 'খোজকঢ়া লাখুঁটি' হিচাপে প্ৰত্যাখ্যান কৰি পেলাই থৈছিল । প্ৰাচীন ভাৰত আৰু হিন্দু ৰীতি-নীতিক গৌৰৱান্বিত কৰা ইতিহাসৰ যিকোনো ঘটনাক কেনেদৰে এক সামগ্ৰিক পৰিৱেশ ব্যৱস্থাই চেঞ্চৰ কৰিছিল এয়া তাৰ অন্য এটা উদাহৰণ ।" মুখ্যমন্ত্ৰীয়ে টুইটত এনেদৰে কয় (Sengol was integral to our Independence) ।
উল্লেখ্য যে ১৯৪৭ চনৰ ১৪ আগষ্টত পণ্ডিত জৱাহৰলাল নেহৰুৱে ব্ৰিটিছসকলৰ পৰা ভাৰতীয়লৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে প্ৰতিনিধিত্ব কৰিবলৈ ঐতিহাসিক ৰাজদণ্ড 'ছেংগোল' গ্ৰহণ কৰিছিল (historic sceptre Sengol) । অহা ২৮ মে'ত মাদুৰাই আধিনামৰ প্ৰধান পুৰোহিতে এই ৰাজদণ্ড প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হস্তান্তৰ কৰিব (sengol handed over to PM Modi) । উল্লেখ্য, দেশৰ সংসদত স্থানলাভ কৰিবলগা এই 'ছেংগোল'ডাল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১৪ আগষ্টৰ নিশা কেইবাজনো নেতাৰ উপস্থিতিত তেওঁৰ বাসগৃহত গ্ৰহণ কৰা সেই একেডাল 'ছেংগোল' (Sengol received by Pandit Jawaharlal Nehru) ।
ইফালে ভাৰতৰ স্বাধীনতা উপলক্ষে অনুষ্ঠিত সমগ্ৰ অনুষ্ঠানটোৰ কথা স্মৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, "স্বাধীনতাৰ ৭৫ বছৰ পাছতো ভাৰতৰ বেছিভাগ লোকে এই ঘটনাৰ বিষয়ে অৱগত নহয় । পণ্ডিত জৱাহৰলাল নেহৰুক 'ছেংগোল' হস্তান্তৰৰ জৰিয়তে ব্ৰিটিছে ভাৰতৰ হাতত ক্ষমতা হস্তান্তৰ কৰিছিল । ১৯৪৭ চনৰ ১৪ আগষ্টৰ নিশা ভাৰতৰ স্বাধীনতা উদযাপনৰ সময়ত এই অনুষ্ঠানটো এক বিশেষ অনুষ্ঠান আছিল ।"