নেশ্যনেল ডেস্ক,২ নৱেম্বৰ :দেশৰ ৫ নিৰ্বাচনমুখী ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে । বিজেপিয়ে ইতিমধ্যে ৰাজ্যসমূহত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । তাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ষ্টাৰ কেম্পেইনাৰ হিচাপে দেখা গৈছে । বৃহস্পতিবাৰে ছত্তীশগড়ৰ মানপুৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰচাৰ সভাত অংশ লয় । বিজেপি প্ৰাৰ্থী সঞ্জীৱ শ্বাহৰ হৈ প্ৰচাৰ চলায় তেওঁ ছত্তীশগড়ৰ বাঘেল চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় ।
তেওঁ ছত্তীশগড়ৰ নিবনুৱাসকলক নিবনুৱা ভাট্টা প্ৰদান কৰা আৰু আৱাস যোজনা সন্দৰ্ভত বাঘেল চৰকাৰক আক্ৰমণ কৰে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ মতে ছত্তীশগড়ৰ নিবনুৱাসকলে ভাট্টা নিবিচাৰে । তেওঁলোকে নিযুক্তি বিচাৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ছত্তীশগড়ত ১০ৰ পৰা ১২ লাখ নিবনুৱা আছে, যাৰ ভিতৰত মাত্ৰ ৪০ ৰ পৰা ৫০ হাজাৰ লোকে নিবনুৱা ভাট্টা লাভ কৰিছে ।
মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ মতে নিবনুৱা ভাট্টা নহয় নিযুক্তি প্ৰদান কৰাটো এগৰাকী মুখ্যমন্ত্ৰীৰ দায়িত্ব । তেওঁ মুখ্যমন্ত্ৰী হ'লে ছত্তীশগড়ৰ লোকসকলক নিযুক্তি প্ৰদান কৰাটো তেওঁৰ দায়িত্ব হ'লহেঁতেন বুলি হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে । তেওঁৰ মতে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে অসম ভ্ৰমণ কৰিছিল । নিৰ্বাচনৰ সময়ত তেওঁ কৈছিল যে অসমত কংগ্ৰেছ চৰকাৰ আহিলে নিবনুৱা ভাট্টা প্ৰদান কৰা হ'ব । সেয়েহে তেওঁ ভূপেশ বাঘেলজীক কৈছিল যে তেওঁৰ প্ৰশিক্ষণ অসম্পূৰ্ণ ।