নেশ্যনেল ডেস্ক, ২০ ফেব্ৰুৱাৰী :বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ পদক্ষেপ হাতত লৈছে (Assam Govt strict against child marriage)। ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই বাল্যবিবাহ গোচৰত বহুলোকক গ্ৰেপ্তাৰ কৰিছে । যাক লৈ দেশজুৰি ব্যাপক চৰ্চা হৈছে ।
ইয়াৰ মাজতে কৈলাশ সত্যাৰ্থী শিশু ফাউণ্ডেচনৰ গুৰুত্বপূৰ্ণ মন্তব্য । ফাউণ্ডেচনে দাবী কৰা মতে বাল্যবিবাহৰ গোচৰ পঞ্জীয়ন হোৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম শীৰ্ষ স্থানত আছে অসম (Child marriage cases is Assam)। কৈলাশ সত্যাৰ্থী শিশু ফাউণ্ডেচনৰ কাৰ্যবাহী সঞ্চালক বিধান চন্দ্ৰ সিঙে জনোৱা মতে অসমৰ লগতে বিহাৰ, ঝাৰখণ্ড, ৰাজস্থান আৰু আন ৬ খন ৰাজ্যত দেশৰ ভিতৰতে সৰ্বাধিক বাল্যবিবাহৰ গোচৰ পঞ্জীয়ন কৰা হৈছে ।
সিঙে নতুন দিল্লীত "বাল্যবিবাহ মুক্ত ভাৰত" শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচীত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে । অনুষ্ঠানত শিশু অধিকাৰ সুৰক্ষা কেন্দ্ৰৰ (SCPCRs) অধ্যক্ষ আৰু প্ৰতিনিধিসকলে শিশু অধিকাৰ সম্পৰ্কে তেওঁলোকৰ মতামত আগবঢ়ায় । সিঙে ইটিভি ভাৰতক এই সন্দৰ্ভত কয় যে, পশ্চিম বংগ, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, তেলেংগানা আৰু ওড়িশাৰ দৰে ৰাজ্যত বাল্যবিবাহৰ সৰ্বাধিক ঘটনা সংঘটিত হয় (KSCF on child marriage)।
বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰৰ অভিযান সন্দৰ্ভত সিঙে কয় যে, অসম আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় । তেওঁ আশা কৰা মতে সমগ্ৰ দেশৰ ৰাজ্যসমূহে বাল্যবিবাহ বন্ধ কৰিবলৈ এই ধৰণৰ শক্তিশালী পদক্ষেপ লোৱা উচিত (Satyarthi Childrens Foundation praises Assam govt)।