অসম

assam

ETV Bharat / bharat

ASP Balveer Singh Controversy : বন্দীৰ দাঁত উভালি মানৱ অধিকাৰ আয়োগৰ ৰোষত আৰক্ষী বিষয়া

বন্দীসকলৰ দাঁত উভালি পেইছিল এএছপি বলবীৰ সিঙে । ফলত ৰাজ্যিক মানৱ অধিকাৰ নিগমে গোচৰ ৰুজু কৰে । 6 সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ (Chennai ASP Balveer Singh Controversy) ।

ASP controversy
ASP controversy

By

Published : Mar 29, 2023, 12:27 PM IST

নিউজ ডেস্ক, ২৯ মাৰ্চ :আৰক্ষী বিষয়াৰ চূড়ান্ত বৰ্বৰতা । যাৰ বাবে ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ৰোষত পৰিবলগা হৈছে এএছপি বলবীৰ সিং (Chennai ASP Balveer Singh Controversy) । মানৱ অধিকাৰ আয়োগৰ তদন্ত গোটে ঘটনাটোৰ তদন্ত আৰু প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে (Human Rights Commission) । অভিযোগ, আৰক্ষীয়ে তিৰুনেলভেলীত হত্যাৰ গোচৰত জড়িত অভিযুক্তৰ দাঁত উভালিছিল (ASP Balveer Singh pulling out teeth of prisoners) ।

উল্লেখ্য, তামিলনাডুৰ তিৰুনেলভেলি জিলাত ভেঙ্কটেচন নামৰ এজনক হত্যাৰ প্ৰচেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল 3 জন লোকক (police allegedly brutalized 3 people in Chennai) । কিন্তু গ্ৰেপ্তাৰ কৰা লোক তিনিজনক আৰক্ষীয়ে নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । লগতে সহকাৰী আৰক্ষী অধীক্ষক বলবীৰ সিঙৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ । বলবীৰ সিঙে তদন্তৰ নামত প্লায়াৰেৰে দাঁত টানি উভলাৰ লগতে অণ্ডকোষ ক্ষতিগ্ৰস্ত কৰাৰো অভিযোগ উঠিছিল (ASP Balveer Singh accused pulling teeth of prisioners) ।

ডিজিপিৰ জাননী

এই সন্দৰ্ভত ক'বলৈ গৈ জিলা আৰক্ষী পৰিদৰ্শকে বিষয়টো সন্দৰ্ভত তিৰুনেলভেলি জিলা উপায়ুক্তৰ দ্বাৰা এক স্বতন্ত্ৰ তদন্তৰো পৰামৰ্শ দিছে । লগতে উপ-আৰক্ষী অধীক্ষকে কয় যে ঘটনাটোৰ উচিত তদন্তৰ নিৰ্দেশ দিয়া হৈছে ।

মানৱ অধিকাৰ আয়োগৰ জাননী

ইফালে অভিযোগ উত্থাপনৰ পিছতে তামিলনাডুৰ ডিজিপি চিলেন্দ্ৰ বাবুৱে (Tamil Nadu DGP Sylendra Babu) সহকাৰী আৰক্ষী অধীক্ষক বলবীৰ সিঙক অপেক্ষা তালিকালৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে ।

উল্লেখ্য, ভুক্তভোগীসকলৰ হৈ অভিযোগকাৰীসকলে দাবী কৰে যে সহকাৰী অধীক্ষকে ডাঙৰ চুৰিৰে তেওঁলোকৰ দাঁত উলিয়াইছিল আৰু আৰক্ষীয়ে তেওঁলোকক নিৰ্মমভাৱে মুখত লথিয়াইছিল।

লগতে তেওঁলোকে দাবী কৰে যে শেহতীয়াভাৱে বিবাহপাশত আবদ্ধ হোৱা এজন অভিযুক্তৰ অণ্ডকোষ ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰিছিল । ইতিমধ্যে বাতৰিকাকতত প্ৰকাশিত বাতৰিৰ ওপৰত ভিত্তি কৰি ৰাজ্যিক মানৱ অধিকাৰ আয়োগে এই ক্ষেত্ৰত নিজাববীয়াকৈ উদ্যোগ গ্ৰহণ কৰে আৰু গোচৰটো পঞ্জীয়ন কৰে ।

আয়োগৰ অধ্যক্ষ ভাস্কৰণে ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অনুসন্ধান বিভাগৰ আইজিক অভিযোগটোৰ তদন্ত কৰিবলৈ আৰু ৬ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :Tension over pig Farm: নলবাৰীৰ হিদিলাট্টাৰীত গাহৰি ফাৰ্মক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা

ABOUT THE AUTHOR

...view details