স্পৰ্টছ ডেস্ক, ২৫ জুন :কিৰ্গিস্তানত অনুষ্ঠিত হৈ আছে ১৭ অনূৰ্ধ্ব এছিয়ান মল্লযুঁজ প্ৰতিযোগিতা (Asian Under-17 wrestling Championships) । উক্ত প্ৰতিযোগিতা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে কৰ্ণাটকৰ এগৰাকী যুৱ মল্লযুঁজাৰুৱে । কৰ্ণাটকৰ বাগালাকোটৰ কিশোৰজনে এছিয়ান অনূৰ্ধ্ব-১৭ মল্লযুঁজ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰিছে । নিঙ্গাপ্পা গেন্নানাভাৰা নামৰ প্ৰতিশ্ৰুতিৱান মল্লযোদ্ধাগৰাকীয়ে সোণৰ পদক অৰ্জন কৰি দেশলৈ খ্যাতি কঢ়িয়াই আনিছে (Ningappa Gennanavara won gold medal) ।
উল্লেখ্য, কিৰ্গিস্তানত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত (Asian Championships in Kyrgyzstan) ৪৫ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত অংশগ্ৰহণ কৰিছিল নিঙ্গাপ্পা গেন্নানাভাৰাই । তেওঁ ফাইনেলত সোণৰ পদক অৰ্জন কৰি বাগালকোট জিলাৰ নাম ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তোলে । বৃহস্পতিবাৰে অনুষ্ঠিত ফাইনেলত নিঙ্গাপ্পা গেন্নানাভাৰাই ইৰাণৰ আমিৰ মহম্মদ চালেহক পৰাস্ত কৰে ।