স্পৰ্টছ ডেস্ক, 1 অক্টোবৰ: চলিত এছিয়ান গেমছত ভাৰতে নিজৰ সপোনৰ দৌৰ অব্যাহত ৰাখিছে ৷ দেওবাৰে ডিফেণ্ডিং শ্বট পুট চেম্পিয়ন তাজিন্দৰপাল সিং টুৰে ২০.৩৬ মিটাৰ বৃহৎ থ্ৰ’ৰে এই প্ৰতিযোগিতাত ভাৰতৰ দ্বাদশটো স্বৰ্ণ পদক লাভ কৰে ৷
এথলেটিকছত এইটো আছিল ভাৰতৰ দ্বিতীয়টো সোণৰ পদক আৰু ২০২৩ চনৰ এছিয়ান গেমছত সামগ্ৰিকভাৱে ১৩ নম্বৰৰ সোণৰ পদক ৷ তাজিন্দৰপাল সিঙে দুটা ফাউল থ্ৰ’ৰে আৰম্ভণি কৰিছিল যদিও এছিয়ান গেমছত একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণৰ পদক লাভ কৰাৰ অন্তিমটো সুযোগ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাটো নিশ্চিত কৰিছিল ৷ দেওবাৰৰ সোণৰ পদক লাভ কৰি তাজিন্দৰপাল সিঙে ইতিহাসৰ সৃষ্টি কৰে আৰু এই খেলত শ্বট পুটৰ ক্ষেত্ৰত ক্ৰমাগতভাৱে সোণৰ পদক লাভ কৰা চতুৰ্থজন ভাৰতীয় শ্বট পুটাৰ হিচাপে পৰিগণিত হয় ৷
ভাৰতীয় তাৰকাগৰাকীয়ে ছৌদি আৰৱৰ মহম্মদ দৌদাক অতিক্ৰমি ২০.৩৬ মিটাৰৰ অন্তিম থ্ৰ’ৰে শীৰ্ষ পদক লাভ কৰে ৷ এছিয়াডত মাত্ৰ তিনিগৰাকী ভাৰতীয় শ্বট পুট খেলুৱৈয়েহে পদক ৰক্ষা কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতৰ পৰদুমন সিং ব্ৰাৰ (১৯৫৪ আৰু ১৯৫৮), যোগিন্দৰ সিং (১৯৬৬ আৰু ১৯৭০) আৰু বাহাদুৰ সিং চৌহান (১৯৭৮ আৰু ১৯৮২) এই তিনিগৰাকী খেলুৱৈয়ে শ্বট পুটত বেক টু বেক স্বৰ্ণ পদক লাভ কৰিছিল ৷