স্পৰ্টছ ডেস্ক, 26 ছেপ্টেম্বৰ:মঙলবাৰে এছিয়ান গেমছত পুৰুষৰ হকী প্ৰতিযোগিতাত ভাৰতে ছিংগাপুৰক 16-1 গ’লত পৰাস্ত কৰে ৷ অধিনায়ক হৰমনপ্ৰীত সিং আৰু মনদ্বীপ সিঙে একোটাকৈ হেট্ৰিক সংগ্ৰহ কৰে । প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত উজবেকিস্তানক 16-0 গ’লত পৰাস্ত কৰাৰ পিছত ভাৰতীয় দলটোৱে ছিংগাপুৰৰ বিৰুদ্ধেও চমকপ্ৰদ জয়লাভ কৰে ।
অধিনায়ক হৰমনপ্ৰীত (24, 39, 40, 42 মিনিট) আৰু মনদ্বীপ (12, 30, 51), অভিষেক (51, 52), বৰুণ কুমাৰ (55, 55), ললিত কুমাৰ উপাধ্যায় (16), গুৰজন্ত সিং (22), বিবেক সাগৰ প্ৰসাদ (23), মনপ্ৰীত সিং (37), শমশ্বেৰ সিং (38) য়ে ভাৰতৰ হৈ গ’ল দিয়ে । ইয়াৰ পিছত ভাৰতে বৃহস্পতিবাৰে ডিফেণ্ডিং চেম্পিয়ন জাপানৰ বিৰুদ্ধে খেলিব ।
অভাৱনীয়ভাৱে ভাৰতীয় দলটোৱে যথেষ্ট শান্তিপূৰ্ণভাৱে আৰম্ভণি কৰিছিল যদিও বল দখলৰ সময়ৰ উত্তেজনা আছিল ৰোমাঞ্কৰ ৷ ভাৰতে আৰম্ভণিৰে পৰাই খেলখনত আধিপত্য বিস্তাৰ কৰিছিল । ষষ্ঠ মিনিটত ভাৰতৰ প্ৰথমটো সুযোগ আহিছিল যদিও সুখজিত সিঙৰ শ্বটটো ছিংগাপুৰৰ গ’লৰক্ষক ছেণ্ড্ৰান গুগানে ৰক্ষা কৰে ।
পৰৱৰ্তী সময়ত ভাৰতে প্ৰথমটো পেনাল্টি কৰ্ণাৰ নিশ্চিত কৰে যদিও অধিনায়ক হৰমনপ্ৰীত সিঙৰ ফ্লিকক ছিংগাপুৰৰ দলটোৱে কঠোৰভাৱে ৰক্ষা কৰে । ইয়াৰ দুই মিনিটৰ পাছত মনদীপ সিঙে ভাৰতৰ দ্বিতীয়টো পেনাল্টি কৰ্ণাৰ লাভ কৰে যদিও পুনৰ ছিংগাপুৰৰ গ’লৰক্ষক গুগানে বলটোক বাধা দিয়ে ।ভাৰতে আক্রমণ অব্যাহত ৰাখি অৱশেষত 12 মিনিটত গুৰজন্ত সিঙৰ ইঞ্চি পাৰফেক্ট পাছ গ’লত মনদীপে গ’ল শোধায় ।