স্পৰ্টছ ডেস্ক, 2 ছেপ্টেম্বৰ : এছিয়া কাপ 2023ত শনিবাৰে অনুষ্ঠিত হোৱা ভাৰত-পাকিস্তানৰ খেলখন অমীমাংসিত হৈ ৰয় ৷ বৰষুণে বিধি-পথালিৰ মাজতে টছত জিকি পোন প্ৰথমে বেটিংৰ সিদ্ধান্ত লোৱা টিম ইণ্ডিয়াই খেলখনত জয়ী হ’বলৈ পাকিস্তানক নিৰ্ধাৰিত 50 অভাৰত 267 ৰাণৰ লক্ষ্য বান্ধি দিছিল ৷ ৰোহিত শৰ্মাৰ দলে 48.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 266 ৰাণহে কৰিবলৈ সক্ষম হয় ৷ খেলখনৰ প্ৰথমাৰ্ধত কেবাবাৰো বৰষুণে বিধি-পথালি দিয়ে ৷ ভাৰতৰ ইনিংছ শেষ হোৱাৰ পাছত পুনৰ বৰষুণৰ বাবে বাধাগ্ৰস্ত হোৱা খেলখনত পাকিস্তান দলটোৱে বেটিং কৰিবলৈ সক্ষম নহ’ল ৷ ফলত অমীমাংসিত হৈ ৰয় খেলখন ৷
আৰম্ভণিতেই বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱা ভাৰতীয় দলটোক পৰৱৰ্তী সময়ত ইশান কিষণ আৰু হাৰ্দিক পাণ্ডিয়াই আগবঢ়াই লৈ যায় ৷ দুয়োজন মিডল অৰ্ডাৰ বেটছমেনে দলটোক এক সন্মানজনক স্থিতি প্ৰদান কৰে ৷ ইশান কিষণে 81 টা বলত 82 ৰাণ কৰাৰ বিপৰীতে হাৰ্ডিক পাণ্ডিয়াই 90 টা বলত 87 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷
ইয়াৰ বিপৰীতে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা, শ্বাৰ্দুল ঠাকুৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ ৰাণ সংগ্ৰহত বিফল হোৱা পৰিলক্ষিত হয় ৷ ৰবীন্দ্ৰ জাডেজা আৰু যশপ্ৰীত বুমৰাহে ক্ৰমে 14 আৰু 16 ৰাণত নিজৰ উইকেট বিসৰ্জন দিয়াৰ পাছত বাকীকেইজন খেলুৱৈয়ে দহকৰ ঘৰো স্পৰ্শ কৰিবলৈ সক্ষম নহ’ল ৷
ফলত ভাৰতে 48.5 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 266 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ পাকিস্তানৰ হৈ শ্বাহীন আফ্ৰিদীয়ে 10 অভাৰত 2টা মেইডেইন অভাৰসহ 35 ৰাণ খৰছ কৰি 4 টা উইকেট দখল কৰিবলৈ কৰে ৷ আনহাতে নাচিম শ্বাহ আৰু হেৰিছ ৰৌফে 3টাকৈ উইকেট দখল কৰে ৷