স্পৰ্টছ ডেস্ক, 6 ছেপ্টেম্বৰ : বুধবাৰে এছিয়া কাপ 2023 ৰ ছুপাৰ ফ’ৰৰ প্ৰথমখন খেলত পাকিস্তানৰ মুখামুখি হয় বাংলাদেশ ৷ লাহোৰত অনুষ্ঠিত হোৱা এই মেচখনত পাকিস্তানে বাংলাদেশক 7 উইকেটত পৰাস্ত কৰে ৷ বাংলাদেশ দলে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ৷ পাকিস্তানৰ শক্তিশালী বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি 38.4 অভাৰতে আটাইকেইটা হেৰুৱাই 193 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় বাংলাদেশ দলে ৷
প্ৰত্যুত্তৰত পাকিস্তানে নিজৰ ইনিংছ আৰম্ভ কৰি 39.3 অভাৰতে 3 টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় ৷ পাকিস্তানৰ হৈ ফখৰ জামানে 31 টা বলত 20 ৰাণ কৰি আউট হোৱাৰ বিপৰীতে ইমাম উল হকে 84 টা বলত সৰ্বাধিক 78 ৰাণ সংগ্ৰহ কৰি আউট হয় ৷ অধিনায়ক বাবৰ আজমে 22 টা বলত 17 ৰাণ কৰি আউট হয় ৷ মহম্মদ ৰিজৱানে 79 টা বলত 63 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ আঘা চালমানে 21 টা বলত 12 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷
বাংলাদেশৰ অধিনায়কে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ৷ আজি দুয়োটা দলে নিজৰ একাদশত খেলুৱৈৰ কোনো বিশেষ পৰিৱৰ্তন নকৰি পূৰ্বৰ একাদশ বাহাল ৰাখে ৷ কেৱল বাংলাদেশ দলত আঘাতপ্ৰাপ্ত খেলুৱৈ নাজমুল হুছেইন শান্তোৰ ঠাইত লিটন দাসে দলত স্থান লাভ কৰিছে ৷
পাকিস্তানৰ ফাষ্ট বলিংৰ আক্ৰমণত বাংলাদেশে ইনিংছ মুকলি কৰিয়েই শলঠেকত পৰে ৷ প্ৰথম পাৱাৰ প্লেতেই পাকিস্তানৰ ফাষ্ট বলাৰে বাংলাদেশৰ চাৰিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ৷ পাকিস্তান দলটোৱে দ্বিতীয় অভাৰত বাংলাদেশক প্ৰথম আঘাত হানে আৰু অপেনাৰ মিৰাজে কোনো ৰাণ নকৰাকৈ আউট হয় ৷ ইয়াৰ পিছত, শ্বাহিন শ্বাহ আফ্ৰিদীয়ে পঞ্চম অভাৰত লিটন দাসক আউট কৰি বাংলাদেশ দলত মোক্ষম আঘাত হানে ৷