নেশ্যনেল ডেস্ক, 13 আগষ্ট:অব্যাহত আছে বাৰাণসীৰ জ্ঞানবাপী চৌহদৰ জৰীপৰ কাম । দেওবাৰেও চৌহদত জৰীপৰ কাম অব্যাহত থাকে । জৰীপৰ বাবে চৌহদত উপস্থিত থাকিব ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগৰ দল আৰু দুয়োপক্ষৰ অধিবক্তা । শনিবাৰেও চৌহদটোত জৰীপৰ কাম চলি থাকিল । এই সময়ছোৱাত জৰীপকাৰী দলটোৱে চৌহদটোৰ বিভিন্ন অংশৰ জৰীপ চলায় ।
উল্লেখ কৰা প্ৰয়োজন যে, আদালতৰ নিৰ্দেশৰ পিছত জ্ঞানবাপী চৌহদত জৰীপৰ কাম চলি আছে । এই সমীক্ষা সন্দৰ্ভত মুছলমান পক্ষই বিৰোধিতা কৰিছিল যদিও উচ্চতম ন্যায়ালয়েও এই কাম বন্ধ কৰা নাই । এই সমীক্ষা চলোৱা দলটোত আছে ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগৰ তদন্তকাৰী দল আৰু হিন্দু আৰু মুছলমান পক্ষৰ অধিবক্তাসকল । 10 ধৰি অব্যাহত আছে এই জৰীপৰ কাম । আধুনিক যন্ত্ৰ-পাতিৰ সহায়তো চৌহদটোত পৰীক্ষা চলোৱা হৈছে ।
শনিবাৰে জ্ঞানবাপী চৌহদত পুৱা 9 বজাৰ পৰা বিয়লি 5 বজালৈ জৰীপ অভিযান চলে । দুপৰীয়া আৰু প্ৰাৰ্থনাৰ সময়ত ডেৰ ঘণ্টা সময়ৰ বাবে জৰীপ প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হয় । কটকটীয়া নিৰাপত্তাৰ মাজতে অব্যাহত আছে জৰীপৰ কাম । বিগত দিনকেইটাত দলটোৱে আধুনিক মেচিনেৰে থ্ৰীডি মেপিঙৰ লগতে ফটোগ্ৰাফী আদিৰে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ পৰা গৈছে । বিশেষজ্ঞৰ দলটোৱে চৌহদত নিৰ্মাণৰ শৈলী আৰু সময়সীমাও নিৰ্ণয় কৰি আছে ।