অসম

assam

ETV Bharat / bharat

New Parliament building controversy : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনা কংগ্ৰেছৰ - নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনা কংগ্ৰেছৰ

নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানক লৈ বিতৰ্ক অব্যাহত আছে (Parliament building inauguration controversy)। অনুষ্ঠান বৰ্জন কৰা বিৰোধীয়ে বিজেপি চৰকাৰক সমালোচনা কৰা অব্যাহত ৰাখিছে । কংগ্ৰেছৰ মতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সংসদ ভৱন উদ্বোধন কৰাৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে ।

New Parliament building controversy
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনা কংগ্ৰেছৰ

By

Published : May 25, 2023, 8:31 PM IST

নেশ্যনেল ডেস্ক,২৫ মে':অহা ২৮ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰিব (PM Modi to inaugurates New Parliament building)। কিন্তু তাৰ প্ৰাকক্ষণত বিতৰ্ক আৰম্ভ হৈছে । কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে দাবী কৰা মতে সংসদ ভৱন প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতিয়েহে উদ্বোধন কৰা উচিত । প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ সিদ্ধান্তক লৈ অসন্তুষ্ট বিৰোধী দলৰ নেতাসকল । যাৰ বাবে কংগ্ৰেছকে ধৰি প্ৰায় ১৯ টাকৈ বিৰোধী দলে এই অনুষ্ঠান বৰ্জন কৰাৰ ঘোষণা কৰিছে (Oppositions skip Parliament inauguration program)।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চৰকাৰক পুনৰ সমালোচনা কংগ্ৰেছৰ । কংগ্ৰেছে বৃহস্পতিবাৰে কয় যে, এগৰাকী পুৰুষৰ অহংকাৰ আৰু আত্ম-প্ৰচাৰৰ আকাংক্ষাৰ বাবে প্ৰথম জনজাতীয় মহিলা ৰাষ্ট্ৰপতিগৰাকীয়ে সংসদ ভৱন উদ্বোধন কৰাৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈছে (Congress slams PM Modi)।

টুইটযোগে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে, সংসদ হৈছে জনসাধাৰণে প্ৰতিষ্ঠা কৰা গণতন্ত্ৰৰ মন্দিৰ । ৰাষ্ট্ৰপতিৰ কাৰ্যালয় সংসদৰ প্ৰথম অংশ । খাৰ্গে লগতে অভিযোগ কৰিছে যে, মোডী চৰকাৰৰ অহংকাৰৰ বাবে সংসদীয় ব্যৱস্থা ধ্বংস হৈছে । খাৰ্গেয়ে প্ৰশ্ন কৰিছে ১৪০ কোটি ভাৰতীয়ই জানিব বিচাৰে যে সংসদ ভৱন উদ্বোধন কৰাৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ অধিকাৰ কাঢ়ি লৈ প্ৰধানমন্ত্ৰী মোডীয়ে কি দেখুৱাব বিচাৰে (Congress slams BJP on new Parliament building )?

বিৰোধী দলে অনুষ্ঠানটো বৰ্জন সম্পৰ্কে এক যুটীয়া বিবৃতি প্ৰকাশ কৰিছে । য'ত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোডীয়ে নতুন সংসদ ভৱনটো নিজে উদ্বোধন কৰাৰ সিদ্ধান্তই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সম্পূৰ্ণৰূপে একাষৰীয়া কৰিছে । ই কেৱল এক গুৰুতৰ অপমানে নহয় গণতন্ত্ৰৰ ওপৰত পোনপটীয়া আক্ৰমণ বুলিও দাবী কৰিছে বিৰোধীয়ে ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশেও টুইট কৰি কয় যে শেহতীয়াকৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাঁচীৰ ঝাৰখণ্ড উচ্চ ন্যায়ালয় চৌহদত দেশৰ সৰ্ববৃহৎ ন্যায়িক চৌহদ উদ্বোধন কৰে । এয়া এগৰাকী পুৰুষৰ অহংকাৰ আৰু আত্ম-প্ৰচাৰৰ আকাংক্ষা যিয়ে প্ৰথম আদিবাসী মহিলা ৰাষ্ট্ৰপতিক ২৮ মে'ত নতুন দিল্লীত নতুন সংসদ ভৱন উদ্বোধন কৰাৰ সাংবিধানিক বিশেষাধিকাৰৰ পৰা বঞ্চিত কৰিছে ।

প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি জয়ৰাম ৰমেশে লগতে কয় যে, অশোক মহান, আকবৰ মহান, মোডী উদ্বোধন । আনহাতে, এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেচিয়ে কয় যে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদ ভৱন উদ্বোধন কৰিলেহে তেওঁৰ দলে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ।

লগতে পঢ়ক :New Parliament Building : উদ্বোধনী অনুষ্ঠানত কোন কেইটা দল থাকিব উপস্থিত ?

For All Latest Updates

ABOUT THE AUTHOR

...view details