নিউজ ডেস্ক, ৯ মে' :কংগ্ৰেছ নেতা শচীন পাইলটে মঙলবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক তীব্ৰ সমালোচনা কৰি কয় যে ঢোলপুৰত তেওঁৰ ভাষণত তেওঁৰ নেতা হিচাপে "ছোনিয়া গান্ধী নহয়, বসুন্ধৰা ৰাজে সিন্ধিয়া"ক দেখুওৱা হৈছে (Sachin Pilot slams Rajsthans CM Ashok Gahlot) । গেহলটে দাবী কৰিছিল যে বসুন্ধৰা ৰাজে সেইসকল বিজেপি নেতাৰ মাজৰ এগৰাকী আছিল, যিয়ে ২০২০ চনত ৰাজ্যখনত নেতৃত্বৰ পৰিৱৰ্তন বিচাৰি পাইলট আৰু কংগ্ৰেছৰ কেইজনমান বিধায়কৰ বিদ্ৰোহৰ সময়ত তেওঁক চৰকাৰ বচাবলৈ সহায় কৰিছিল (BJP leader Vasundhara Raje Scindia) ।
এক সংবাদমেল সম্বোধন কৰি পাইলটে (Congress leader Sachin Pilot) লগতে কয় যে ৰাজ্যখনৰ বিজেপি চৰকাৰৰ সময়ত গেহলটে তেওঁ উত্থাপন কৰা দুৰ্নীতিৰ অভিযোগৰ ওপৰত কিয় কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল সেয়া তেওঁ এতিয়া বুজি পাইছে । "ঢোলপুৰত অশোক গেহলটৰ ভাষণ শুনি এনে লাগিছে যেন তেওঁৰ নেতা ছোনিয়া গান্ধী নহয় (congress leader Sonia Gandhi), বসুন্ধৰা ৰাজে সিন্ধিয়া... প্ৰথমবাৰৰ বাবে মই কোনোবাই তেওঁলোকৰ নিজৰ দলৰ সাংসদ আৰু বিধায়কসকলক সমালোচনা কৰা দেখিছোঁ । বিজেপিৰ নেতাসকলক প্ৰশংসা কৰা আৰু কংগ্ৰেছ নেতাসকলক অসন্মান কৰাটো মোৰ জ্ঞানৰ বাহিৰত, এয়া সম্পূৰ্ণ ভুল ।" পাইলটে কয় ।
তেওঁ লগতে কয়, "মই এতিয়া বুজি পাইছোঁ যে মুখ্যমন্ত্ৰীয়ে (অশোক গেহলট) কিয় দুৰ্নীতিৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা নাই ।" উল্লেখ্য যে পাইলটৰ এই আক্ৰমণ অতি গুৰুত্বপূৰ্ণ । কিয়নো ৰাজ্যখনত গেহলটৰ সৈতে তেওঁৰ সংঘাত বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে বছৰটোৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ'ব । আনহাতে, গেহলটৰ ওপৰত এই আক্ৰমণ কৰ্ণাটকৰ নিৰ্বাচনৰ ভোটদানৰ এদিন পূৰ্বে আহিছে, য'ত কংগ্ৰেছে এক গুৰুত্বপূৰ্ণ যুঁজত অৱতীৰ্ণ হ'বলৈ গৈ আছে (former Rajasthan Deputy CM Sachin Pilot) । লগতে ৰাজস্থানৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী পাইলটে ঘোষণা কৰে যে তেওঁ ১১ মে'ৰ পৰা আজমিৰৰ পৰা জয়পুৰলৈ পাঁচদিনীয়া 'জন সংগৰ্ষ যাত্ৰা' অনুষ্ঠিত কৰিব (Jan Sangarsh Yatra) ।
"এই যাত্ৰা দুৰ্নীতিৰ বিৰুদ্ধে । এই যাত্ৰাৰ পিছত আৰু অধিক সিদ্ধান্ত লোৱা হ'ব ।" তেওঁ কয় । উল্লেখ্য, পাইলটে বিগত মাহত দিনজোৰা উপবাস ৰাখিছিল । ৰাজ্যখনত বিজেপিৰ শাসনৰ সময়ত উত্থাপিত দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত গেহলট চৰকাৰৰ দ্বাৰা ব্যৱস্থা গ্ৰহণৰ দাবীৰ বাবে আনকি দলৰ নেতৃত্বই তেওঁক সতৰ্কও কৰি দিছিল ।