নেশ্যনেল ডেস্ক,১৫ মাৰ্চ: কিশোৰী নিৰ্যাতনৰ অভিযোগত কাৰাবাস খাটি থকা আশাৰাম বাপুৰ আবেদনৰ শুনানি গ্ৰহণ প্ৰক্ৰিয়া স্থগিত ৰাখে ৰাজস্থান উচ্চ ন্য়ায়ালয়ে । জ্যেষ্ঠ ন্য়ায়াধীশ সন্দীপ মেহতা, ন্য়ায়াধীশ দেৱেন্দ্ৰ কচ্ছৱাহাৰ বিচাৰপীঠে আশাৰাম বাপু আৰু আন দুই অভিযুক্ত শিল্পী আৰু শাৰদ চন্দ্ৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰাৰ কথা আছিল । কিন্তু সোমবাৰে অধিবক্তাৰ অনুৰোধত শুনানি গ্ৰহণ প্ৰক্ৰিয়া আদালতে অহা ৩ মে'লৈকে স্থগিত ৰাখে ।
আজীৱন কাৰাদণ্ডৰে দণ্ডিত আশাৰামৰ শাস্তিৰ বিৰোধিতা কৰি দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ দিন ধাৰ্য কৰা হৈছিল । কিন্তু মুম্বাইৰ জ্যেষ্ঠ অধিবক্তা শিৰেশ গুপ্তেৰ সহযোগীয়ে আদালতৰ পৰা সময় বিচাৰিছিল ৷ সেই অনুসৰি আদালতে সময় বঢ়াই দি শুনানি স্থগিত কৰে । আশাৰামৰ হৈ যোধপুৰৰ জ্যেষ্ঠ অধিবক্তা জগমল সিং চৌধুৰী আৰু তেওঁৰ সহযোগী প্ৰদীপ সিং চৌধুৰী আদালতত উপস্থিত আছিল ।