নিউজ ডেস্ক, ১১ জানুৱাৰী:"মুছলমানসকলক ভাৰতত বাস কৰিবলৈ বা আমাৰ ধৰ্ম পালন কৰিবলৈ 'অনুমতি' দিয়া মোহন কোন ? আমি ভাৰতীয় কাৰণ আল্লাই ইচ্ছা কৰে । তেওঁ আমাৰ নাগৰিকত্বৰ ওপৰত 'চৰ্ত' আৰোপ কৰাৰ সাহস কেনেকৈ কৰিলে ? আমি ইয়াত আমাৰ বিশ্বাসক 'স্থান' দিবলৈ তথা নাগপুৰত কথিত ব্ৰহ্মচাৰীৰ দলটোক সন্তুষ্ট কৰিবলৈ অহা নাই । এই মন্তব্য এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ(AIMIM president Asaduddin Owaisi) ৷
আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে(RSS Chief Mohan Bhagwat) মঙলবাৰে কৰা এক বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে এআইএমআইএমৰ মুৰব্বীগৰাকীয়ে ৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(Rashtriya Swayamsevak Sangh) চমুকৈ আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে মঙলবাৰে এক অনুষ্ঠানত ভাৰতত মুছলমানসকলৰ বাবে ভয় কৰাৰ কোনো কথা নাই, কিন্তু তেওঁলোকে তেওঁলোকৰ "ডাঙৰ মন্তব্য" পৰিহাৰ কৰা উচিত বুলি মন্তব্য কৰিছিল । আৰএছএছৰ মুৰব্বীগৰাকীৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছাদুদ্দিন ওৱেইছিয়ে ৷
ওৱাইছিয়ে ভাগৱতক লক্ষ্য কৰি কয়, "মোহনে কৈছিল- ভাৰতৰ বাবে কোনো বাহ্যিক ভাবুকি নাই । সংঘীসকলে কেইবাদশক ধৰি "আভ্যন্তৰীণ শত্ৰু" আৰু "যুদ্ধৰ পৰিস্থিতি"ৰ বাবে কান্দি আছে আৰু তেওঁলোকৰ নিজৰ স্বেচ্ছাসেৱকসকলে কয়, লোক কল্যাণ মাৰ্গত কোনেও প্ৰৱেশ কৰা নাই । "চীনৰ বাবে এইয়া 'চুৰি' আৰু সহ নাগৰিকৰ বাবে এই 'ছিনাজোৰী' কিয় ? যদি আমি সঁচাকৈয়ে যুদ্ধত আছোঁ তেন্তে স্বেচ্ছাসেৱক চৰকাৰে ৮ বছৰতকৈও অধিক সময় শুই আছে নেকি(Owaisi slams RSS Chief) ?"