অসম

assam

ETV Bharat / bharat

Oppositions leader phone hack : 'আদানিৰ প্ৰসংগ আনিলেই চৰকাৰে চোৰাংচোৱাগিৰি আৰম্ভ কৰে'-ৰাহুল গান্ধী - Rahul slams BJP govt

ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত একাংশ আক্ৰমণকাৰীয়ে বিৰোধী নেতাৰ ফোন হেক কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে । সেই সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয় যে আদানিৰ প্ৰসংগ উত্থাপন কৰিলেই চৰকাৰে চোৰাংচোৱা সংস্থাক তেওঁলোকৰ বিৰুদ্ধে ব্যৱহাৰ কৰে ।

Oppositions leader phone hack
আদানিৰ প্ৰসংগ আনিলেই চৰকাৰে চোৰাংচোৱাগিৰি আৰম্ভ কৰে

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 2:56 PM IST

নেশ্যনেল ডেস্ক,৩১ অক্টোবৰ : আদানিৰ প্ৰসংগ আনিলেই চৰকাৰে বিৰোধী নেতাৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি আৰম্ভ কৰে । এই অভিযোগ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । বহু বিৰোধী নেতাৰ ফোন হেকিং কৰাৰ কথিত তথ্য পোহৰলৈ অহাৰ পাছতে ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰকে ধৰি কেইবাগৰাকী বিৰোধী নেতাই তেওঁলোকৰ ফোনবোৰ চৰকাৰে হেক কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ তুলিছে । এনে অভিযোগৰ পাছতে ৰাহুল গান্ধীয়ে চৰকাৰক প্ৰত্যুত্তৰ দি কৈছে যে আদানিৰ প্ৰসংগ উত্থাপন কৰিলেই কেন্দ্ৰীয় চৰকাৰে চোৰাংচোৱা সংস্থাবোৰক সক্ৰিয় কৰি তোলে ।

ৰাহুল গান্ধীয়ে কয় যে একাধিক বিৰোধী নেতাই তেওঁলোকৰ এপল ডিভাইচসমূহ 'হেকিং' কৰাৰ অভিযোগ উত্থাপন কৰিছে । ৰাহুল গান্ধীৰ মতে তেওঁ প্ৰথমে ভাবিছিল ১ নম্বৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ২ নম্বৰত আছে আদানি আৰু ৩ নম্বৰত আছে অমিত শ্বাহ । কিন্তু তেওঁৰ সেই ধাৰণা ভুল আছিল । এতিয়া তেওঁ নিশ্চিত হৈছে যে ১ নম্বৰত আদানি আছে ২ নম্বৰত আছে প্ৰধানমন্ত্ৰী মোডী আৰু ৩ নম্বৰত অমিত শ্বাহ আছে । ৰাহুল গান্ধীৰ মতে তেওঁ ভাৰতৰ ৰাজনীতি বুজি পাইছে আৰু এতিয়া আদানি জী পলায়ন কৰিব নোৱাৰে । ৰাহুল গান্ধীয়ে দাবী কৰা মতে বিভ্ৰান্তিৰ ৰাজনীতি চলি আছে ।

ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত আক্ৰমণকাৰীসকলে তেওঁলোকৰ ফোন হেক কৰিবলৈ চেষ্টা কৰিছে বুলি একাংশ বিৰোধী নেতাই সতৰ্কবাণী ই-মেইল লাভ কৰিছে । সংবাদমেলত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে সেই সতৰ্কবাণী ইমেইলৰ প্ৰতিলিপিও উত্থাপন কৰিছে ।

তেওঁ কয় যে চৰকাৰে বিভ্ৰান্তিকৰ ৰাজনীতি চলাই আছে । ৰাহুল গান্ধীয়ে দাবী কৰা মতে যিমানে ফোন টেপিং নকৰক, প্ৰয়োজন হ'লে তেওঁৰ ফোন লৈ গ'লেও তেওঁ ভয় নকৰে । সংবাদমেলত ৰাহুল গান্ধীয়ে এপলৰ সতৰ্কবাণীও পঢ়ি শুনায় । সংবাদমেলত ৰাহুল গান্ধীৰ সৈতে জ্যেষ্ঠ নেতা কে চি বেণুগোপাল, পৱন খেৰাও উপস্থিত থাকে ।

কেন্দ্ৰৰ বিজেপি চৰকাৰক আদানি চৰকাৰ বুলি অভিহিত কৰি ৰাহুল গান্ধীয়ে তীব্ৰ প্ৰত্যাহ্বান জনাই কয় যে কংগ্ৰেছে সময়ত দেখুৱাব আদানি চৰকাৰক কেনেদৰে আঁতৰ কৰিব পাৰি । ৰাহুল গান্ধীৰ মতে চৰকাৰক আঁতৰাই আদানিক আঁতৰ কৰা হ'ব বুলি নাভাবিব । আদানি হৈছে বৰ্তমান দেশত চলি থকা একচেটিয়া আধিপত্যৰ প্ৰতীক । বিজেপিৰ বিত্তীয় ব্যৱস্থাৰ সৈতে আদানিৰ পোনপটীয়াকৈ সম্পৰ্ক আছে বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক :Mahua Moitra phone hack : মহুৱা মৈত্ৰৰ ফোন হেক কৰাৰ চেষ্টা চৰকাৰৰ !

ABOUT THE AUTHOR

...view details